নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনত দ্বিতীয়বাৰলৈ এখনো আসন লাভ নকৰা কংগ্ৰেছৰ এই পৰাজয়ৰ পাছত বিভিন্ন জনে বিভিন্ন মন্তব্য কৰি দলটোক সমালোচনা কৰা দেখা গৈছে ।
ইপিনে শতিকা পুৰণি কংগ্ৰেছ দলে এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱাত দলটোৰ জ্যেষ্ঠ নেতা কপিল ছিবালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । নেতাগৰাকীয়ে কয় যে- “কংগ্ৰেছ দলত এতিয়া যিকোনো পৰিকল্পনা হাতত লৈ কাম কৰিব পৰাকে এজন যোগ্য নেতাৰ অভাৱ ! যিটো গোটেই দলটোৰ বাবেই এক মোক্ষম আঘাত । অৱশ্যে এই বিষয়ে দলে আলোচনা কৰিছে আৰু শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব” ।
তেওঁ অমিত শ্বাহক সমালোচনা কৰি কয় যে- শ্বাহে ৰাইজৰ মাজত বিভেদ সৃষ্টি কৰি লাভ নাই, কাৰণ এনে কৰিলে বিজেপিৰ ভোট বেংকত হে তাৰ প্ৰভাৱ পৰিব । লগতে এই বৰ্ষৰ শেষৰ ফালে হ’বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনটো বিজেপিয়ে দিল্লীৰ দৰেই ফলাফল লাভ কৰিব বুলি কংগ্ৰেছ নেতা কপিল ছিবালে মন্তব্য কৰে ।