নিয়মীয়া বাৰ্তা, ৩জুলাইঃ কৌতুক অভিনেতা কপিল শৰ্মাই তেওঁৰ ধেমেলীয়া ষ্টাইলেৰে সকলোকে হাঁহিবলৈ বাধ্য কৰে। যদিও কপিলৰ অনুষ্ঠান বৰ্তমান সময়ত টিভিত অহা নাই, কিন্তু তেওঁৰ জনপ্ৰিয়তা এতিয়াও অনুৰাগীসকলৰ হৃদয়ত অটুট আছে। অৱশ্যে পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে কপিল শৰ্মা । আকৌ এবাৰ কৌতুক অভিনেতাজনৰ বিদেশ ভ্ৰমণে শিৰোনামবোৰ কঢ়িয়াই আনিছে।
দৰাচলতে, কপিল শৰ্মা আৰু তেওঁৰ গোটেই দলটোৱে বৰ্তমান কানাডাত তেওঁলোকৰ লাইভ শ্ব’ কৰি আছে। শেহতীয়াকৈ, কপিলে নিজেই এটা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু এই বিষয়ে অৱগত কৰিছিল। কিন্তু এই বিদেশ ভ্ৰমণৰ সময়তে কপিলৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰা হৈছে। কপিল শৰ্মাৰ বিৰুদ্ধে চুক্তি সম্পূৰ্ণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।