ক’ভিড ভেকচিন প্ৰস্তুত কৰা ৰাছিয়ান বিজ্ঞানীক হত্যা, এপাৰ্টমেণ্টত উদ্ধাৰ মৃতদেহ
নিয়মীয়া বাৰ্তা, ৪ মার্চ: ৰাছিয়াৰ এজন বিজ্ঞানীক ডিঙি চেপি হত্যা কৰাৰ এটা গোচৰ পোহৰলৈ আহিছে। ৰাছিয়াৰ ক’ভিড-১৯ ভেকচিন স্পুটনিক ভি সৃষ্টিত অৰিহণা যোগোৱা অন্যতম বিজ্ঞানী আন্দ্ৰে বটিকোভক বেল্টৰে ডিঙি চেপি হত্যা কৰা হয়। বৃহস্পতিবাৰে তেওঁৰ নিজৰ এপাৰ্টমেণ্টত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। হত্যাকাণ্ডৰ সৈতে জড়িত এজন সন্দেহযুক্ত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
বটিকোভ ৰাছিয়াৰ এজন বিখ্যাত বিজ্ঞানী আছিল আৰু তেওঁ ভেকচিনৰ ওপৰত কৰা কামৰ বাবেও বঁটা লাভ কৰিছিল। প্ৰতিবেদন অনুসৰি ২০২০ চনত স্পুটনিক ভি ভেকচিন প্ৰস্তুত কৰা ১৮ জন বিজ্ঞানীৰ ভিতৰত বটিকোভ আছিল অন্যতম।
ৰাছিয়াৰ সংবাদ সংস্থা টাছে ৰাছিয়ান ফেডাৰেচনৰ তদন্তকাৰী সমিতিয়ে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ ইক’লজী এণ্ড মেথেমেটিক্সৰ জ্যেষ্ঠ গৱেষক হিচাপে কাম কৰা ৪৭ বছৰীয়া বটিকভক নিজৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। উল্লেখ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ক’ভিড ভেকচিনৰ ওপৰত কৰা কামৰ বাবে ২০২১ চনত ভাইৰ’লজিষ্টগৰাকীক ‘অৰ্ডাৰ অৱ মেৰিট ফৰ দ্য ফাদাৰলেণ্ড’ বঁটাৰে সন্মানিত কৰিছিল।