নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড সংক্রমণৰ তালিকাত ৰাছিয়াক অতিক্রমি তৃতীয় স্থানত ভাৰত

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ঘাতক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণৰ প্রতিৰোধৰ ক্ষেত্রত থকা বিভিন্ন নিষেধাজ্ঞা বিশ্বজুৰি পর্যায়ক্রমে শিথিল কৰি থকাৰ সময়তে এই ভাইৰাছবিধৰ সংক্রমণে নতুন গতি লাভ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত পৃথিৱীজুৰি ক’ভিড–১৯ত নতুনকৈ আক্রান্ত হৈছে ২,১২,৩২৬গৰাকী লোক৷ ইয়াৰ ভিতৰত ৫৩,২১৩গৰাকীয়েই আক্রান্ত হৈছে আমেৰিকাত৷ ইফালে, ভাৰতত আক্রান্তৰ হাৰে নতুন অভিলেখ সৃষ্টি কৰিছে৷

দেশখনত বিগত ২৪ ঘণ্টাত এই ভাইৰাছবিধত নতুনকৈ আক্রান্ত হৈছে ২৪,৮৫০গৰাকী লোক৷ একেই সময়ছোৱাত দেশখনত প্রাণ হেৰুৱাইছে ৬১৩গৰাকী লোকে৷ অর্থাৎ ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ সংখ্যাও দেশখনত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ৱর্ল্ডোমিটাৰৰ তথ্য অনুসৰি ভাৰতত ক’ভিড–১৯ত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১৯,৫৬৮গৰাকীলৈ বৃদ্ধি পাইছে৷ ইতিমধ্যে ভাৰতে বিশ্বৰ ভিতৰত ক’ভিড আক্রান্ত লোকৰ সংখ্যাৰে তৃতীয় স্থান স্পর্শ কৰিছে৷ দেশখনত এই বাতৰি যুগুতোৱা পৰলৈ ৬,৮৭,৭৬০গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ এই তালিকাত ৬,৮১,২৫১গৰাকীৰে চতুর্থ স্থানলৈ অৱনমিত হৈছে ৰাছিয়া৷

লক্ষণীয়ভাৱে লেটিন আমেৰিকান ৰাষ্ট্র ব্রাজিলত ক’ভিডৰ সংহাৰ অব্যাহত আছে৷ দেশখনত ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত লোকৰ সংখ্যা ১৫,৭৮,৩৭৬লৈ বৃদ্ধি পাইছে৷ ইফালে, এই প্রাণঘাতী ভাইৰাছবিধত দেশখনত মৃত্যু হৈছে ৬৪,৩৬৫গৰাকী লোকৰ৷ আমেৰিকাত পূর্বৰ দৰে ক’ভিডৰ সংহাৰ অব্যাহত আছে৷ দেশখনত ২৯,৫২,১৭১গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ উপৰি প্রাণ হেৰুৱাইছে ১,৩২,৩৭৮গৰাকীয়ে৷ বিশ্বজুৰি এতিয়ালৈকে ক’ভিড–১৯ত আক্রান্ত হৈছে ১,১৪,৫৩,২৫১গৰাকী লোক৷

ইফালে, পৃথিৱীজুৰি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৫,৩৪,৮৬৫গৰাকীলৈ৷ ইফালে, লেটিন আমেৰিকাৰ মেক্সিকো, পেৰু আদি দেশসমূহত ক’ভিড সংক্রমণৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাৰ আশংকা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ইউৰোপৰ কেইবাখনো দেশত ভাইৰাছবিধৰ সংক্রমণে পুনৰ মূৰ দাঙি উঠিছে৷ স্পেইনত ইতিমধ্যে বিভিন্ন স্থানত পুনৰ লকডাউন ঘোষণা কৰাৰ তথ্যও সদৰী হৈছে৷

You might also like