নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টীৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ দলীয় কৰ্মকৰ্তাসকলক সম্বোধন কৰে আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰে । সমগ্ৰ দেশে ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈ থকাৰ সময়তে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দলীয় কৰ্মকৰ্তাসকলক উদ্দেশ্যি দুখীয়া লোকসকলক সহায় কৰাৰ লগতে এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায় ।
ভিডিঅ’কনফাৰেঞ্চিংযোগে দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- দেশত চলি থকা ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখন দীঘলীয়া হ’ব । এই যুঁজত ভাগৰুৱা হৈ পৰিলে নহ’ব, আমাৰ সংকল্প এটাই যিকোনো ধৰণে মহামাৰীৰ এই যুঁজত আমি জয়ী হ’ব লাগিব ।