নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্ণাটকৰ হিজাব বিতর্ক সন্দর্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ মতানৈক্য; বৃহত্তৰ বিচাৰপীঠলৈ প্রেৰণ কৰা হ’ব স্পর্শকাতৰ গোচৰ

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ: কর্ণাটকৰ শিক্ষা প্রতিষ্ঠানত হিজাব পৰিধান নিষিদ্ধ হৈ থাকিবনে আজি উচ্চতম ন্যায়ালয়তো তাৰ উত্তৰ পোৱা নগ’ল৷ অতি স্পর্শকাতৰ বিষয়টোৰ গোচৰৰ শুনানিৰ শেষত উচ্চতম ন্যায়ালয়ৰ দুই বিচাৰপতিৰ বিচাৰপীঠত সৃষ্টি হয় মতানৈক্য৷ বিচাৰপতি হেমন গুপ্তা আৰু সুধাংশু ধুলিয়াই বিপৰীত ৰায়দান কৰে৷ এগৰাকী বিচাৰপতিয়ে কর্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰখাৰ সপেক্ষে মত প্রকাশ কৰিলেও আনগৰাকীয়ে এই ৰায় বাহাল ৰখাৰ বিপক্ষে মত পোষণ কৰে৷ স্মর্তব্য যে কর্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰি দিয়ে আজি বিচাৰপতি সুধাংশু ধুলিয়াই৷ বিচাৰপতি ধুলিয়াই স্পষ্টভাৱে উল্লেখ কৰে যে হিজাব পৰিধান কৰা–নকৰাটো নিজ ইচ্ছাৰ বিষয়৷ ইফালে কর্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখি শিক্ষা প্রতিষ্ঠানত হিজাব পৰিধান নিষিদ্ধ কৰাৰ পক্ষত মত পোষণ কৰে বিচাৰপতি হেমন্ত গুপ্তাই৷ দুয়োগৰাকী বিচাৰপতিৰ মতৰ মিল নথকা বাবে গোচৰটো মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বাধীন বিচাৰপীঠলৈ প্রেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ মুখ্য ন্যায়াধীশ ললিতৰ বিচাৰপীঠৰ পৰা স্পর্শকাতৰ এই বিষয়টোক বৃহত্তৰ বিচাৰপীঠলৈ প্রেৰণ কৰা হ’ব বুলি ন্যায়ালয়ৰ সূত্রই সদৰী কৰিছে৷

স্মর্তব্য যে বিগত ১০ দিন ধৰি হেমন্ত গুপ্তা আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠত এই আবেদনৰ শুনানি গ্রহণ কৰা হৈছিল৷ ২২ ছেপ্ঢেম্বৰত এই সন্দর্ভত নিজৰ ৰায় সংৰক্ষিত ৰাখিছিল বিচাৰপীঠখনে৷ উল্লেখনীয় যে এক নির্দেশনাৰ জৰিয়তে কর্ণাটকৰ শিক্ষা প্রতিষ্ঠানত যোৱা ৫ ফেব্রুৱাৰীত হিজাব পৰিধান নিষিদ্ধ কৰিছিল ৰাজ্যখনৰ চৰকাৰে৷ তাৰ পাছতে হিজাবক কেন্দ্র কৰিয়েই উত্তপ্ত হয় ৰাজ্যখন৷ বিশেষকৈ উদুপি জিলাত বিক্ষোভৰ ফলত স্কুল, কলেজসমূহ ৰণক্ষেত্রত পৰিণত হয়৷ ধাৰাবাহিক বিক্ষোভৰ বাবে কেইবাদিনো ধৰি স্কুল–কলেজ বন্ধ ৰাখিবলগীয়া হৈছিল কর্ণাটক চৰকাৰে৷ ইয়াৰ পাছতে বিষয়টো গৈ আদালতৰ মজিয়া পায়৷ যোৱা ১৫ মার্চত শিক্ষা প্রতিষ্ঠানত হিজাব পৰিধানৰ অধিকাৰক লৈ ঐতিহাসিক ৰায় দিয়ে কর্ণাটক উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ে স্পষ্ট ভাষাক উল্লেখ কৰে যে ইছলাম ধর্ম অনুশীলনত হিজাব পৰিধান অপৰিহার্য নহয়৷ শিক্ষা প্রতিষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত যিবোৰ আবেদন দাখিল হৈছিল, এই সকলো তাৎক্ষণিকভাৱে খাৰিজ কৰি দিয়া হয়৷ ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় হিজাবৰ পক্ষত থকা কেইবাটাও পক্ষ৷

You might also like