নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাৰ পৰা ওড়িশালৈ নিব বিজু পাটনায়কৰ ডাকোতা বিমান

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ: ওড়িশা চৰকাৰে ৰাজ্যখনৰ প্রাক্তন মুখ্যমন্ত্রী বিজু পাটনায়কৰ ঐতিহ্যমণ্ডিত ডাকোতা বিমান কলকাতাৰ পৰা ওড়িশালৈ নিয়াৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণে ওড়িশাৰ বিমানবন্দৰত ১.১ৰ ভূমি বিমানখনৰ বাবে অনুমোদন জনোৱাৰ পিছতে চৰকাৰে শীঘ্রেই ঐতিহ্যমণ্ডিত ডাকোতা বিমানখন কলকাতাৰ পৰা নিজ ৰাজ্যলৈ নিব৷ বিগত দুবছৰ ধৰি বিমানখন কলকাতাৰ পৰা নিবলৈ ওড়িশা চৰকাৰে প্রয়াস চলাই আহিছে যদিও ক’ভিড মহামাৰীৰ বাবে সেয়া কার্যকৰী হোৱা নাছিল৷ শেহতীয়াভাৱে ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ সৈতে সকলো প্রক্রিয়া সমাপ্ত হোৱাৰ পিছত শীঘ্রে বিমানখন ওড়িশালৈ নিব৷ উল্লেখ্য যে বিমানখন ৬৪ ফুট আৰু ৮ ইঞ্চি দীঘল৷ ইয়াৰ পাখা ৯৫ ফুটজুৰি মেলি আছে৷ বিমানখন কলকাতা বিমানবন্দৰৰ পৰা স্থলপথেৰে ওড়িশালৈ নিয়া হ’ব৷ উল্লেখ্য যে বিজু পাটনায়ক ৰাজ্যখনৰ প্রাক্তন মুখ্যমন্ত্রী, সমাজ সংস্কাৰক আছিল৷ তেওঁ এগৰাকী দক্ষ পাইলটো আছিল৷ অতি বিপদাপন্ন অভিযানতো তেওঁ কেইবাখনো বিমান চলাইছিল৷ বিজু পাটনায়ক আন্তর্জাতিক বিমানবন্দৰৰ সঞ্চালক প্রসন্ন প্রধানে কিংবদন্তি নেতাজনক সন্মান জনোৱাৰ উদ্দেশ্যে এই পদক্ষেপ গ্রহণ কৰা বুলি প্রকাশ কৰিছে৷

You might also like