নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ কাইলৈ ফাঁচি নহয় নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ। শনিবাৰে ধাৰ্য কৰা হৈছিল নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচিৰ দিন। কিন্তু দিল্লী পাটিৱালা হাউচ ক’ৰ্টে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ ফাঁচি দিয়া নহয়। দোষী বিনয় শৰ্মাই দাখিল কৰা ৰাষ্ট্ৰপতিৰ ক্ষমা আবেদনৰ ভিত্তিতেই স্থগিত ৰখা হ’ল ফাঁচিৰ দিন। এই আবেদনৰ বিবেচনা নোহোৱালৈকে স্থগিত ফাঁচিৰ দিন। ইতিমধ্যে তিহাৰ জে’লত শনিবাৰে পুৱা ৬ বজাত ৪ দোষীক ফাঁচি দিয়াৰ বাবে সম্পূৰ্ণ যোজা চলোৱা হৈছিল। ফলত দ্বিতীয়বাৰলৈ স্থগিত হ’ল অক্ষয় ঠাকুৰ, মুকেশ সিং, পৱন গুপ্তা, বিনয় শৰ্মাৰ ফাঁচি। ৪ অভিযুক্তৰ অধিবক্তা এ পি সিঙে সংবাদমাধ্যমৰ আগত কয় যে এই ৪ পাষণ্ডক কেতিয়াও আৰু ফাঁচি দিব নোৱাৰে।