নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CAA ক লৈ সংসদত ৰাষ্ট্ৰপতিৰ মন্তব্য: “প্ৰতিবাদৰ নামত হিংসাই দেশক দুৰ্বল কৰে”

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰি আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অধিৱেশনৰ প্ৰথম দিনাই নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত মন্তব্য কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- প্ৰতিবাদৰ নামত হিংসাই দেশক দুৰ্বল কৰে । লগতে চৰকাৰে কা’ প্ৰণয়ন কৰি ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ইচ্ছা পূৰণৰ চেষ্টা কৰিছে । এই ভাষণৰ পাছতে সংসদত উপস্থিত থকা সকলোৱে হাতচাপৰিৰে এই মন্তব্যৰ আদৰণি জনায় ।

ৰাষ্ট্ৰ নিৰ্মাতাসকলৰ ইচ্ছাক সন্মান কৰা আমাৰ দায়িত্ব-ৰাষ্ট্ৰপতি কোবিন্দ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লগতে কয়- “দেশ বিভাজনৰ পাছত মহাত্মা গান্ধীয়ে কৈছিল পাকিস্তানত বাস কৰা হিন্দু-শিখ যিসকলে তাত থাকিব নিবিচাৰে, তেওঁলোক ভাৰতলৈ আহিব পাৰে । বাপুজিৰ এই এনে বিচাৰ ধাৰাক বিভিন্ন সময়ত কিছুসংখ্যক নেতা-ৰাজনৈতিক দলেও আগুৱাই নিছে । গতিকে আমাৰ ৰাষ্ট্ৰ নিৰ্মাতাসকলৰ ইচ্ছাক সন্মান কৰা আমাৰ দায়িত্ব ।”

যিকোনো প্ৰান্তৰ লোকে ভাৰতীয় নাগৰিকত্ব পাব পাৰে-ৰাষ্ট্ৰপতি কোবিন্দ

ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ ভাষণত আৰু কয়- “চৰকাৰে পুনৰ এইটো স্পষ্ট কৰে যে ভাৰতৰ প্ৰতি আস্থা ৰখা আৰু ভাৰতীয় নাগৰিকত্ব ল’বলৈ ইচ্ছুক বিশ্বৰ যিকোনো প্ৰান্তৰ লোকৰ বাবে পূৰ্বে যি অধিনিয়ম আছিল, সেয়া আজিও আছে । যিকোনো প্ৰান্তৰ লোকে এই অধিনিয়মসমূহ পালন কৰি ভাৰতীয় নাগৰিকত্ব পাব পাৰে ।”

You might also like