নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শনিবাৰৰ পৰা পুনৰ ৰাইজৰ মাজলৈ আহি আছে ‘ৰামায়ণ’

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ লক ডাউনৰ সময়ত দেশৰ জনসাধাৰণক কিছু আমোদ দিয়াৰ চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে । ৮০-৯০ দশকৰ অন্যতম জনপ্ৰিয় আধ্যাত্মিক ধাৰাবাহিক ‘ৰামায়ণ’ পুনৰবাৰ টেলিভিচনৰ পৰ্দাত দেখিবলৈ পাব দেশৰ জনসাধাৰণে ।

ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ পুনৰ ২৮ মাৰ্চৰ পৰা দূৰদৰ্শনত সম্প্ৰচাৰ হ’ব ।

আজি এক বিশেষ বাৰ্তাযোগে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে এই কথা সদৰী কৰে । তেওঁ কয় যে ২৮ মাৰ্চৰ পৰা প্ৰতি দিনাই পুৱা আৰু নিশা ৯-১০ বজালৈ ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ সম্প্ৰচাৰ কৰা হ’ব ।

উল্লেখ্য যে এই ধাৰাবাহিকখন দীৰ্ঘদিনৰ পৰা পুনৰ সম্প্ৰচাৰৰ বাবে দৰ্শকে দাবী জনাই আহিছিল । কিন্তু বৰ্তমান সমগ্ৰ দেশতে লক ডাউন তথা ৰাইজৰ দীৰ্ঘদিনৰ দাবীৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে গ্ৰহণ কৰে এই পদক্ষেপ ।

You might also like