কাণপুৰৰ সুগন্ধি ব্যৱসায়ী পীয়ূষ জৈনক গ্রেপ্তাৰ ডিজিজিআইৰ
নিয়মীয়া বার্তা, ২৮ ডিচেম্বৰ: কোটি টকা আৰু ২৩ কিলোগ্রাম সোণ জব্দ কৰাৰ দুদিন পিছত সোধা–পোছাৰ অন্তত ব্যৱসায়ীজনক গ্রেপ্তাৰ কৰে ডিৰেক্টৰেট জেনেৰেল অৱ জি এছ টি ইণ্টেলিজেঞ্চ চমুকৈ ডিজিজিআয়ে৷ কৰ ফাঁকিৰ অভিযোগত গ্রেপ্তাৰ কৰা জৈনক আজি কাণপুৰৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে৷ উল্লেখ্য যে জি এছ টি ইণ্টেলিজেঞ্চে ব্যৱসায়ী জৈনৰ কাণপুৰ আৰু কনৌজৰ বাসগৃহত অভিযান চলাই ১৯৫ কোটি টকা জব্দ কৰাৰ লগতে ২৩ কিলোগ্রাম সোণ আৰু ৬০০ কিলোগ্রাম চন্দন কাঠ জব্দ কৰে৷ জি এছ টিৰ কাণপুৰৰ যুটীয়া আয়ুক্ত সুৰেন্দ্র কুমাৰে প্রকাশ কৰা মতে দেওবাৰে নিশা সুগন্ধি ব্যৱসায়ী পীয়ূষ জৈনক ডি জি জি আয়ে গ্রেপ্তাৰ কৰাৰ পিছত আজি কাণপুৰৰ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে জৈনক ১৪ দিনৰ ন্যায়িক জিম্মাত দিয়ে৷ মন কৰিবলগীয়া যে আদালতত ডি জি জি আয়ে ব্যৱসায়ী জৈনক অধিক সোধা–পোছাৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে তেওঁলোকৰ আবেদন গ্রাহ্য নকৰিলে৷ কৰ ফাঁকি দিয়াৰ তথ্য লাভ কৰাৰ পিছতেই ডি জি জি আয়ে ব্যৱসায়ী জৈনৰ বাসগৃহ আৰু কার্যালয়ত অতর্কিতে অভিযান চলাই গোপনে জমা কৰি ৰখা দেশৰ বৃহত্তম ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷