নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত আয়োজিত ৪৯ সংখ্যক সদৌ অসম বডি বিল্ডিং আৰু ফিজিক্ স্প’ৰ্টছ প্ৰতিযোগিতাত মিষ্টাৰ অসমৰ খিতাপ জয় কামৰূপৰ পৰীক্ষিত হাজৰিকাৰ

নিয়মীয়া বার্তা, ২৮ ডিচেম্বৰ: এইবেলি ধুবুৰীত অনুষ্ঠিত হোৱা ৪৯ সংখ্যক সদৌ অসম বডি বিল্ডিং আৰু ফিজিক্ স্প’ৰ্টছ প্ৰতিযোগিতাখনৰ যোৱাকালি সফল পৰিসমাপ্তি ঘটে। যোৱা ২৫ ডিচেম্বৰৰ পৰা ধুবুৰী চহৰৰ ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত হোৱা দুদিনীয়া সেই প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনা অৰ্থাৎ যোৱাকালি ৭টা বিভাগৰ চূড়ান্ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। ‘‘ধুবৰী ডিষ্ট্ৰিক্ট ফিজিক্ স্প’ৰ্টছ এচোছিয়েন’’ৰ উদ্যোগত আয়োজিত সেই ৰাজ্যিক ভিত্তিক বডি বিল্ডিং প্ৰতিযোগিতাখনত অসমৰ ২৫খন জিলাৰ প্ৰায় ৩শ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বুলি প্ৰকাশ। যোৱাকালি বিয়লিৰ ভাগৰ পৰা আৰম্ভ হোৱা চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অন্তিম পৰ্যায়ত অনুষ্ঠিত হয় পুৰুষৰ চিনিয়ৰ শাখাৰ ‘মিষ্টাৰ অসম’ৰ প্ৰতিযোগিতাখন। অন্তত এইবেলি কামৰূপৰ পৰীক্ষিত হাজৰিকাই ৰাজ্যিক ভিত্তিক এই প্ৰতিযোগিতাখনৰ পুৰুষৰ চিনিয়ৰ শাখাত ‘মিষ্টাৰ অসম’ৰ খিতাপ জয় কৰি উজলি উঠিবলৈ সক্ষম হয়। আনহাতে প্ৰতিযোগিতাখন পুৰুষৰ জুনিয়ৰ শাখাত মিষ্টাৰ অসম (জুনিয়’ৰ)ৰ খিতাপ দখল কৰে বৰপেটাৰ উৎপল দাসে। ইপিনে প্ৰতিযোগিতাখনৰ মহিলাৰ চিনিয়’ৰ শাখাত যোৰহাটৰ ময়ূৰী শইকীয়াই মিচ্ অসমৰ সন্মান বুটলাৰ বিপৰীতে গুৱাহাটীৰ বৰ্ণালী বসুমাতাৰিয়ে স্প’ৰ্টচ ম’ডেলৰ খিতাপ লাভ কৰে। আনহাতে বৰপেটাৰ দিলীপ দেউৰীয়ে প্ৰতিযোগিতাখনৰ মাষ্টাৰ্চ মিষ্টাৰ অসমৰ সন্মান বুটলাৰ বিপৰীতে মাৰ্ঘেৰিটাৰ মৌচম গগৈয়ে লাভ কৰে স্প’ৰ্টচ ফিজিকৰ খিতাপ। গোলাঘাটৰ ৰূপাংক বৰাই লাভ কৰে এথেলেটিক ফিজিকৰ খিতাপ। এইবেলিৰ ৪৯ সংখ্যক সদৌ অসম বডি বিল্ডিং আৰু ফিজিক্ স্প’ৰ্টছ প্ৰতিযোগিতাত বেষ্ট টিমৰ খিতাপ লাভ কৰে গোলাঘাট জিলাই।

You might also like