নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধী আইনৰ বিৰোধিতা কৰি থকা ৰাজ্যসমূহৰ সৈতে কেন্দ্রই আলোচনা কৰিব৷ বিতর্কিত আইনখনক লৈ ৰাজ্যসমূহৰ উদ্বিগ্ণতা দূৰ কৰিব কেন্দ্রই৷ বুধবাৰে ৰাজ্যসভাৰ মজিয়াত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে এই কথা জানিবলৈ দিয়ে৷ বাস্তৱত নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি সমগ্র দেশত অস্থিৰতা বিৰাজ কৰি থকাৰ সময়তে প্রথমবাৰৰ বাবে আইনখনক লৈ কেন্দ্রীয় চৰকাৰে এক নমনীয় স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যসভাৰ প্রশ্ণোত্তৰ কালত তেলেংগানাৰ কংগ্রেছ সাংসদ কে ভি পি ৰামাচন্দ্র ৰাওৰ এক প্রশ্ণৰ উত্তৰত প্রদান কৰা বিবৃতিত মন্ত্রী ৰায়ে নাগৰিকত্ব সংশোধনী আইনৰ লগতে ৰাষ্ট্রীয় জনসংখ্যা পঞ্জীৰো (এনপিআৰ) বিৰোধিতা কৰি থকা ৰাজ্যসমূহৰ সৈতেও আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে৷
উল্লেখ্য যে দেশৰ কিছুমান ৰাজ্যই যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আছে, লগতে বিধানসভাত আইনখনৰ বিৰুদ্ধে যে সংকল্প প্রস্তাৱ গ্রহণ কৰিছে, সেই কথাও মন্ত্রী ৰায়ে সদনক অৱগত কৰে৷ বিভাগীয় ৰাজ্যমন্ত্রীজনে বিশেষকৈ কেৰালাৰ কথা সদনত ডত্থাপন কৰে৷ তেওঁ কয় যে সংবিধানৰ ১৩১ সংখ্যক অনুচেছদৰ অধীনত ৰাজ্যখনে নাগৰিকত্ব সংশোধনী আইনক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে৷
উল্লেখ্য যে কেৱল বিভিন্ন ৰাজ্য চৰকাৰেই নহয়, দেশজুৰি বিতর্কিত আইনখনৰ বিৰুদ্ধে যে আন্দোলন চলি আছে সেই কথাও মন্ত্রী ৰায়ে সংসদৰ মজিয়াত স্বীকাৰ কৰিছে৷ পিছে আইনখনৰ বিৰুদ্ধে চলি থকা আন্দোলন যে হিংসাত্মক হ’ব পাৰে সেই কথা পোনপোটীয়াকৈ উল্লেখ নকৰিলেও নিজৰ বিবৃতিত মন্ত্রী ৰায়ে কয় যে আইন–শৃংখলা পৰিস্থিতি নিয়ন্ত্রণৰ বিষয়টো ৰাজ্য চৰকাৰৰহে৷ সংবিধানৰ সপ্তম তালিকা অনুসৰি আইন–শৃংখলা ৰাজ্য চৰকাৰৰ এক্তিয়াৰভুক্ত বুলি তেওঁ জানিবলৈ দি কয় যে কেন্দ্রীয় চৰকাৰে কেৱল এখন ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতি নিৰীক্ষণহে কৰিব পাৰে তথা প্রয়োজন হ’লে সেইখন ৰাজ্যত কেন্দ্রীয় নিৰাপত্তা বাহিনী মোতায়েন কৰিব পাৰে যদিহে ৰাজ্য চৰকাৰে বিচাৰে৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ কেন্দ্রীয় চৰকাৰে হঠাতে নমনীয় স্থিতি গ্রহণ কৰাটো যথেষ্ট লক্ষণীয় হৈ পৰিছে৷ কিয়নো কেৰালা, পঞ্জাব, পশ্চিমবংগ, ৰাজস্থানৰ পিছত মধ্য প্রদেশ চৰকাৰেও আজি আইনখনৰ বিৰুদ্ধে বিধানসভাত কেৱল সংকল্প প্রস্তাৱেই নহয়, আইনখন বাতিলৰ দাবীৰে কেন্দ্রীয় চৰকাৰলৈ সংকল্প প্রস্তাৱ প্রেৰণ কৰিছে৷