নিয়মীয়া বাৰ্তা, ৮ মে’ : বেংগালুৰুৰ ষ্টার্টআপ কোম্পানী ৱেকফিট ছলিউচনে কর্মচাৰীৰ কামৰ দক্ষতা বৃদ্ধি কৰাৰ বাবে ‘বিশ্রামৰ অধিকাৰ’ক প্রাধান্য দি অভিনৱ পদক্ষেপ গ্রহণ কৰিছে৷ ৱেকফিট ছলিউচনৰ সহঃ প্রতিষ্ঠাতা চৈতন্য ৰামলিংগেগৌড়াই ই–মেইলযোগে তেওঁৰ প্রতিষ্ঠানৰ কর্মচাৰীসকলক কামৰ মাজতে আধা ঘণ্টা নির্বিঘ্ণে শুবলৈ অনুমতি প্রদান কৰিছে৷ কর্মচাৰীসকলে দিনৰ ২ বজাৰ পৰা ২.৩০ বজালৈ কার্যালয়তে বিশ্রাম হিচাপে টোপনি মাৰিব পাৰিব৷ প্রতিষ্ঠানটোৰ কর্মচাৰীসকলে পুৱাৰে পৰা কর্মব্যস্ত হৈ থাকি ভাগৰুৱা হোৱাৰ ফলত সন্ধিয়ালৈ কামৰ প্রতি অনীহা জন্মাৰ তথ্য অৱগত হোৱাৰ পিছতেই কোম্পানী কর্তৃপক্ষই দিনত সময় নির্ধাৰণ কৰি সকলো কর্মচাৰীকে আধা ঘণ্টা শুবলৈ অনুমতি দিছে৷
কোম্পানীটোৰ টুইটাৰত প্রকাশ পোৱা মতে, প্রতিদিনেই কামৰ সময়ত দিনৰ ২ বজাৰ পৰা ২.৩০ বজালৈ কর্মচাৰীসকলে শুব পাৰিব আৰু ইয়াৰ বাবে কর্মচাৰীসকলে কেলেণ্ডাৰত এই কথা লিপিবদ্ধ কৰি থ’ব৷ উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাই অধ্যয়নত প্রকাশ কৰা মতে, কোনো লোকে যদি দিনত কর্ম সময়ৰ মাজত ২৬ মিনিট শুব পাৰে, তেতিয়াহ’লে তেনে কর্মচাৰীৰ কামৰ সক্ষমতা ৩৩ শতাংশ বৃদ্ধি পায়৷