নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত আদিবাসী উগ্ৰপন্থী সংগঠন আনলা সদস্যৰ সামূহিক আত্মসমৰ্পণ

১৩ গৰাকী দুৰ্ধৰ্ষ কেডাৰে জমা দিয়ে অস্ত্ৰ-শস্ত্ৰ

নিয়মীয়া বাৰ্তা, ৮ মে’ : ২০১২ চনতে অস্ত্র সম্বৰণ কৰি চৰকাৰৰ সৈতে শান্তি আলোচনা প্রক্রিয়া অব্যাহত ৰখা আদিবাসী সশস্ত্র বিদ্রোহী সংগঠন ‘আনলা’ৰ আলোচনা প্ৰক্ৰিয়াৰ পৰা বাহিৰত ৰৈ যোৱা ১৩ গৰাকী দুৰ্ধৰ্ষ কেডাৰে আজি অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ওভতি আহে। এই উদ্দেশ্যে আজি বোকাজান আৰক্ষী থানাত আয়োজিত এক বিশেষ অনুষ্ঠানত আত্মসমর্পণ কৰা উগ্ৰপন্থীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ ওচৰত এক বৃহৎ অস্ত্রভাণ্ডৰো জমা দিয়ে। আত্মসমর্পণকাৰী আনলা সদস্যকেইগৰাকী ক্ৰমে গণপত গাঁৱৰ শংকৰ কুৰ্মী, গংগা আটিৰ সুমন গৌৰ, মলেশ গাঁৱৰ গংগা ৰাম চাহু, চদমন্দা গৌৰ, হাতীদণ্ডী গোপাল গোৱালা গাঁৱৰ অজিত প্রধান, মলেশ গাঁৱৰ মনোজ চাহু, নাওদাংগাৰ হৰি গৌৰ, গংগা আটিৰ কনকৰাম গৌৰ, মলেশ গাঁৱৰ শংকৰ গৌৰ, নৱাদাংগাৰ বিদজাৰাম লোধী, গংগা আটিৰ হীৰা গৌৰ, লংচেকজান বিলাসপুৰী গাঁৱৰ পৱন গৌৰ আৰু হাদীতণ্ডীৰ কুলদ্বীপ নায়ক বুলি চিনাক্ত কৰা হৈছে।

আত্মসমর্পণকাৰী আনলা সদস্যসকলে আজি আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ ওচৰত এ কে ছিৰিজৰ ৰাইফল চাৰিটা, পিষ্টল চাৰিটা, ৰিভলভাৰ এটা, এ কে ছিৰিজৰ মেগজিন চাৰিটা, এ কে ছিৰিজৰ গুলী ১৬ টা, পিষ্টলৰ গুলী ২০ টা জমা দিয়ে। আনলা সদস্যকেইগৰাকীৰ আজিৰ এই আত্মসমৰ্পণ অনুষ্ঠানত অসম আৰক্ষীৰ মধ্য মণ্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকা, কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু অসম ৰাইফলছৰ ব্রিগেডিয়াৰ শশীন্দৰ তিৱাৰী আদি উপস্থিত থাকে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অসম আৰক্ষী আৰু অসম ৰাইফলছৰ যৌথ প্ৰচেষ্টাত এইসকল সশস্ত্র বিদ্রোহী মূলসুঁতিলৈ ওভতি আহিছে। অনুষ্ঠানটিত উপস্থিত থাকি প্রদান কৰা ভাষণত অসম আৰক্ষীৰ মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাই আত্মসমর্পণকাৰী বিদ্রোহী সদস্যসকলক মূলসুঁতিলৈ আদৰণি জনোৱাৰ লগতে এই সফলতাই ৰাজ্যখনলৈ অধিক শান্তিৰ বাতাবৰণ কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে। আনহাতে, আত্মসমর্পণকাৰী আনলা সদস্যসকলে চৰকাৰৰ শান্তি প্ৰক্ৰিয়াৰ প্ৰতি আদৰণি জনাই মূলসুঁতিলৈ ওভতি অহা বুলি মন্তব্য কৰে।

উল্লেখ্য যে, বিগত এটা দশকৰ পূর্বে আদিবাসী উগ্রপন্থী সংগঠন আনলাই অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ওভতি আহে যদিও তেতিয়াও আলোচনা প্ৰক্ৰিয়াৰ পৰা আঁতৰত থকা এইসকল সদস্যই বিশেষকৈ কাৰ্বি আংলং আৰু গোলাঘাট এলেকাত সক্ৰিয় হৈ আছিল বুলি জানিব পৰা গৈছে।

You might also like