নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’লৈ বিহাৰত ইতিবাচক সঁহাৰিঃ অমিত শ্বাহ

বিহাৰত একেলগে যুঁজিব বিজেপি-জেডিইউৱেঃ অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ বৃহস্পতিবাৰে বিহাৰৰ বৈশালীত অনুষ্ঠিত হোৱা সমদলত অংশগ্ৰহণ কৰি আগন্তুক বিহাৰ নিৰ্বাচনত বিজেপি আৰু জেডিইউৱে একেলগে যুঁজিব বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে । সকলো অপপ্ৰচাৰ আৰু ভুৱা বাতৰিক প্ৰত্যাহ্বান জনায় আগন্তুক নিৰ্বাচনৰ বাবে নীতিশ কুমাৰৰ নেতৃত্বত মিত্ৰজোঁট আগবাঢ়িব বুলিও উল্লেখ কৰে অমিত শ্বাহে ।

আগন্তুক অক্টোবৰ মাহত অনুষ্ঠিত হ’ব লগা বিহাৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে বিৰোধী আৰজেডি, কংগ্ৰেছ আৰু আৰএলএছপিয়ে আৰম্ভ কৰিছে প্ৰচাৰ । বিশেষকৈ বিজেপি-জেডিইউ শাসনাধিষ্ঠ চৰকাৰখনৰ বিৰুদ্ধে জনমত গঠনৰ চেষ্টা অব্যাহত ৰাখিছে বিৰোধী দলসমূহে ।

বৃহস্পতিবাৰৰ এই সমদলত অংশগ্ৰহণ কৰা অমিত শ্বাহে দেশজুৰি প্ৰতিবাদ অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে বিৰোধীক পুনৰবাৰ কটাক্ষ কৰে । ইয়াৰোপৰি, নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত মুছলিম সকলক এই আইনখন পঢ়িবলৈ অনুৰোধ জনোৱাৰ লগতে ৰাহুল গান্ধী , লালুপ্ৰসাদ যাদৱ, মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালক অনুৰোধ কৰে সাধাৰণ জনতাক বিপথে পৰিচালিত নকৰিবলৈ । বিহাৰত নাগৰিকত্ব সংশোধনী আইনে ইতিবাচক সঁহাৰি লাভ কৰা বুলিও কয় বিজেপিৰ অধ্যক্ষ গৰাকীয়ে ।

You might also like