নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ভাৰতীয় সেনাৰ শীর্ষ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল কে জে এছ ধীলনে মন্তব্য কৰিছে যে কাশ্মীৰৰ সামগ্রিক নিৰাপত্তা ব্যৱস্থা অত্যন্ত ভাল আৰু অধিকাংশ সন্ত্রাসবাদী নেতাক হত্যা কৰা হৈছে৷ যোৱা সপ্তাহত জম্মু–কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্রধান দিলবাগ সিঙে মন্তব্য কৰিছিল যে চলিত বর্ষত এতিয়ালৈকে জম্মু–কাশ্মীৰত ২০জনকৈ সন্ত্রাসবাদীক হত্যা কৰা হৈছে৷ পাকিস্তানে নিয়ন্ত্রণ ৰেখাত বাৰে বাবে যুদ্ধবিৰতি উলংঘা কৰাৰ প্রসংগ উল্লেখ কৰি তেওঁ কয় যে এই কার্যৰ দ্বাৰা সেনাই ভাৰতত সন্ত্রাসবাদীক অনুপ্রৱেশৰ সুযোগ সৃষ্টি কৰি দিয়ে৷