নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত সন্ত্রাসবাদী গানি খাৱাজাক গুলীয়াই হত্যা

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ জম্মু–কাশ্মীৰৰ ছপৰে জিলাত টুজ্জা গাঁৱত নিৰাপত্তা বাহিনীৰে হোৱা সংঘর্ষত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন অল বদৰৰ মুৰব্বী গানি খাৱাজা নিহত হৈছে৷ কাশ্মীৰৰ আই জি পি বিজয় কুমাৰে প্রকাশ কৰা মতে গোপন সূত্রৰ পম খেদি নিৰাপত্তা বাহিনীয়ে টুজ্জাৰ গাঁৱত অভিযান চলায়৷ স্থানীয় আৰক্ষীয়ে চি আৰ পি এফ আৰু সেনাৰ যুটীয়া বাহিনীয়ে গাঁওখন ঘেৰাও কৰি অভিযান চলাবলৈ লওঁতেই আত্মগোপন কৰি থকা সন্ত্রাসবাদীৰ গোটটোৱে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীয়াবলৈ ধৰে৷

নিৰাপত্তা বাহিনীয়ে প্রত্যুত্তৰ দিয়াত অল বদৰৰ মুৰব্বী খাৱাজা নিহত হয়৷ তথ্য মতে গাঁওখনত তিনিজনতকৈ অধিক সন্ত্রাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতেই নিৰাপত্তা বাহিনীয়ে অভিযান চলায়৷ সংঘর্ষত সন্ত্রাসবাদী খাৱাজাক নিৰাপত্তা বাহিনীয়ে গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয় যদিও বাকীকেইজন সন্ত্রাসবাদীৰ সন্ধান পোৱা নাই৷ সমগ্র অঞ্চলটোত সম্প্রতি অভিযান চলাই আছে৷ উল্লেখ্য যে অল বদৰৰ মুৰব্বীক অভিযানকাৰী দলে গুলীয়াই হত্যা কৰাটো সন্ত্রাসবাদবিৰোধী অভিযানৰ অন্যতম বৃহৎ সাফল্য৷

You might also like