নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ জম্মু–কাশ্মীৰত শনিবাৰে নিৰাপত্তা বাহিনীয়ে অভিযান চলাই হিজবুল মুজাহিদীনৰ দুর্ধর্ষ সন্ত্রাসবাদী জুনেইড ফাৰুক পণ্ডিতক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ হিজবুলৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদীজন বহুকেইটা সন্ত্রাসজনিত ঘটনাৰ লগত জড়িত আছিল ৷ বাৰামুল্লাত নিৰাপত্তা বাহিনীয়ে বিশেষ অভিযান চলাই গোপন তথ্যৰ ভিত্তিত গ্রেপ্তাৰ কৰে ৷ জম্মু–কাশ্মীৰ আৰক্ষী–সেনা বাহিনী আৰু চিআৰপিএফে এই যৌথ অভিযান চলাইছিল ৷ বাৰামুল্লাৰ ডি আই জি এম ছুলেমানে জনোৱা মতে, নিৰাপত্তা বাহিনীয়ে বিশেষ অভিযানেৰে সন্ত্রাসবাদীজনক গ্রেপ্তাৰ কৰাৰ লগতে এটা চীনত নির্মিত পিষ্টল, ১৩ জাঁই সক্রিয় গুলী, দুটা মেগজিন জুনেইড ফাৰুকৰ হাতৰ পৰা উদ্ধাৰ কৰে ৷ উল্লেখ্য যে লস্কৰ–ই–তৈবাৰ সন্ত্রাসবাদী নাভেদ আহমেদ ভাটক সংঘর্ষত নিহত কৰাৰ পাছতেই নিৰাপত্তাৰক্ষীয়ে এই সফলতা লাভ কৰে ৷