নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্গিলত পাঁচ মাহ পিছত ইণ্টাৰনেট সেৱা

শান্ত হৈ আহিছে কাশ্মীৰৰ পৰিস্থিতি

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তনৰ পিছৰে পৰা কাশ্মীৰ উপত্যকাত ব্যাহত হৈ আছে স্বাভাৱিক অৱস্থা৷ সুদীর্ঘ পাঁচ মাহ ধৰি ইণ্টাৰনেট সেৱা বাতিল কৰি থোৱা হৈছিল কাশ্মীৰ উপত্যকাত৷ শুকুৰবাৰৰ পৰা কার্গিলত পাঁচ মাহৰ পিছত পুনৰ আৰম্ভ কৰা হৈছে ইণ্টাৰনেট সেৱা৷ স্মর্তব্য যে ৩৭০ অনুচ্ছেদৰ বিলুপ্তিৰ জৰিয়তে জম্মু–কাশ্মীৰক দুই কেন্দ্রীয় শাসিত অঞ্চলত বিভক্ত কৰা ঘটনাক লৈ সমগ্র উপত্যকাত সৃষ্টি হৈছিল উত্তেজনা৷ নিৰাপত্তা ব্যৱস্থা বিঘ্ণিত হ’ব পাৰে বুলি আশংকা কৰিয়েই উপত্যকা প্রদেশখনত ইণ্টাৰনেট সেৱা অনির্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়া হৈছিল৷ শুকুৰবাৰে কার্গিলত ইণ্টাৰনেট সেৱা পুনৰ মুকলিৰ পিছতে সমগ্র কাশ্মীৰ উপত্যকালৈ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ ইংগিত দিছে প্রশাসনে৷ স্মর্তব্য যে কাশ্মীৰ উপত্যকাত এতিয়াও গৃহবন্দী অৱস্থাতে আছে কেইবাগৰাকীও ৰাজনীতিক৷ দীর্ঘদিন ধৰি জনসাধাৰণে ইণ্টাৰনেট সেৱা মুকলিৰ উপৰি জৰুৰী সেৱাবোৰ আৰম্ভ কৰাৰ বাবে দাবী জনাই আহিছে চৰকাৰক৷ কিন্তু জনসাধাৰণৰ দাবীক উপেক্ষা কৰি আহিছে প্রশাসনে৷

You might also like