নিয়মীয়া বাৰ্তা, ৪ মার্চঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে প্রতিবাদত অংশ লোৱা পাঁচ বিদেশী লোকক দেশ এৰাৰ নির্দেশ দিয়া হৈছে ৷ মঙলবাৰে লোকসভাত কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী নিত্যানন্দ ৰায়ে এক প্রশ্নৰ লিখিত উত্তৰ দি এই তথ্য দাঙি ধৰে ৷ ‘কা’ৰ বিৰুদ্ধে প্রতিবাদ কৰা বিদেশী লোককেইজনে ভিছাৰ নিয়ম উলংঘা কৰাৰ বাবে এই পদক্ষেপ গ্রহণ কৰা হৈছে বুলি কয় মন্ত্রীগৰাকীয়ে ৷ ব্যুৰ’ অৱ ইমিগ্রেচনৰ প্রতিবেদনৰ আধাৰত এই নাগৰিককেইজনক দেশ এৰাৰ নির্দেশ দিয়া বুলি মন্ত্রীগৰাকীয়ে লিখিত উত্তৰত কয় ৷ পাঁচ বিদেশী নাগৰিকৰ ভিতৰত বাংলাদেশৰ দুগৰাকী শিক্ষার্থীও আছে৷ উল্লেখ্য যে নাগৰিকত্ব আইন অনুসৰি চুবুৰীয়া ৰাষ্ট্র পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা ধর্মীয় সংখ্যালঘু হিন্দু, শিখ, বুদ্ধ, জৈন, পার্চী আৰু খ্রীষ্টান লোকক নাগৰিকত্ব প্রদান কৰা হ’ব৷ ধর্মীয় নির্যাতনৰ বলি হৈ ভাৰতত থকাৰ বাবে এনে লোকসকলক অবৈধ অনুপ্রৱেশকাৰী হিচাপে চিনাক্ত নকৰি ২০১৪ৰ ৩১ ডিচেম্বৰলৈকে অহা উল্লিখিত ছয় ধর্মৰ লোকক নাগৰিকত্ব প্রদান কৰা হ’ব ৷