নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ বিৰোধী হিংসা, অমিত শ্বাহৰ সকীয়নি

কংগ্ৰেছৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'বঃ শ্বাহ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ দেশৰ ৰাজধানী নতুন দিল্লীত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিবলৈ উচটনি দিছে কংগ্ৰেছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদৰ নামত হিংসাক উচটাই থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি পৰৱর্তী দিল্লী বিধানসভা নির্বাচনত জনতাই উচিত শিক্ষা দিব বুলিও কয়৷ কংগ্রেছ আৰু ‘টুক্ড়ে টুক্ড়ে গেং’ বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয়– সংসদত যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক বিতর্কৰ বাবে উত্থাপন কৰা হৈছিল, তেতিয়া কোনোজনে ক’বলৈ সাজু নাছিল৷ তাৰ বিপৰীতে তেওঁলোকে অযথা হুলস্থূল কৰিছিল৷ সদনত বিধেয়কখন গৃহীত হৈ আইনত পৰিণত হোৱাৰ পাছতেই কংগ্রেছে মিথ্যাচাৰ বিয়পাই দিলে৷ যিয়ে দিল্লীখন অশান্ত কৰি তুলিছে৷ কংগ্রেছ নেতৃত্বত টুকুৰা টুকুৰা গোটে দিল্লীত অশান্তিৰ বাবে জগৰীয়া৷ সময় আহিছে দিল্লীবাসীয়ে তেওঁলোকক শাস্তি প্রদান কৰাৰ৷ কংগ্রেছ আৰু টুক্ড়ে টুক্ড়ে গেঙৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব৷ কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে শাসকীয় আম আদমী পার্টীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালকো কটাক্ষ কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে পাঁচ বছৰত দিল্লীবাসীৰ বাবে একোৱেই নকৰিলে বুলি কয় ৷