নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ হ’বই, দেশৰ প্রতিগৰাকী শৰণার্থীয়ে লাভ কৰিব নাগৰিকত্ব

কলকাতাত বিশাল জনসভাত অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ২ মার্চঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশৰ চৌদিশ প্রতিবাদমুখৰ হৈ থকাৰ সময়তে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেওবাৰে পুনৰ সদম্ভে ঘোষণা কৰিছে যে দেশৰ প্রতিগৰাকী শৰণার্থীক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিবলৈ চৰকাৰে ‘কা’ আনিছে ৷ কলকাতাত এক বৃহৎ জনসমাৱেশত ভাষণ দি তেওঁ কয় যে দেশৰ সকলো শৰণার্থীক নাগৰিকত্ব প্রদান নকৰাপর্যন্ত তেওঁলোক এক ইঞ্চিও পিছুৱাই নাহে ৷ শৰণার্থী আৰু সংখ্যালঘুসকলক তৃণমূল কংগ্রেছকে ধৰি বিৰোধী দলসমূহে বিপথে পৰিচালিত কৰা বুলি উল্লেখ কৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে বিৰোধীয়ে সংখ্যালঘুসকলক আতংকিত কৰিছে আৰু তেওঁলোকৰ মাজত নিৰাপত্তাহীনতাৰ পৰিৱেশ সৃষ্টি কৰিছে ৷ কিন্তু বিজেপি চৰকাৰে দেশৰ প্রতিগৰাকী সংখ্যালঘু নাগৰিকক নিশ্চয়তা দিব বিচাৰে যে নাগৰিকত্ব সংশোধনী আইনে কেৱল নাগৰিকত্ব প্রদানহে কৰে, কাৰো পৰা নাগৰিকত্ব কাঢ়ি নানে ৷ দেশৰ কোনো সম্প্রদায়ৰ লোকৰ নাগৰিকত্বৰ ওপৰত ‘কা’ই প্রভাৱ নেপেলায় বুলি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷

পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীক তীব্র আক্রমণৰ লক্ষ্য কৰি লৈ অমিত শ্বাহে লগতে কয় যে শৰণার্থীক নাগৰিকত্ব প্রদানৰ ক্ষেত্রত মমতাই কেন্দ্রক বাধা দিব নোৱাৰে৷ ‘প্রধানমন্ত্রী মোদীয়ে পশ্চিমবংগত থকা লাখ লাখ শৰণার্থীক নাগৰিকত্ব আগবঢ়াবলৈ ‘কা’ আনিছে ৷ মমতাই ইয়াৰ বিৰোধিতা কৰিছে ৷ বিৰোধীৰ আসনত থকাৰ সময়ত মমতাই শৰণার্থীৰ নাগৰিকত্বৰ বিষয়টো উত্থাপন কৰিছিল৷ কিন্তু প্রধানমন্ত্রী মোদীয়ে ‘কা’ অনাৰ লগে লগে তেওঁ কংগ্রেছ আৰু বাঁওপন্থীৰ পক্ষত থিয় দিছে৷ তেওঁলোকে ভুল ধাৰণাৰে মানুহৰ মাজত বিভ্রান্তি সৃষ্টি কৰা দেখা গৈছে৷ ইয়াক লৈ বংগত হিংসাত্মক ঘটনাও সংঘটিত হৈছে৷ বাহন, ৰে’লগাড়ী আৰু ৰে’ল ষ্টেচন আদি জ্বলাই দিয়া হৈছে৷ কিন্তু মমতাই নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যে প্রতিৰোধ কৰিব নোৱাৰে৷’ –অমিত শ্বাহে এইদৰে কয়৷ ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিয়ে পশ্চিমবংগত চৰকাৰ গঠন কৰিব বুলিও কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে আত্মবিশ্বাস প্রকাশ কৰে৷ ইফালে পশ্চিমবংগৰ ৰাজৰহাটস্থিত নেচনেল ছিকিউৰিটী গার্ডৰ (এন এছ জি) এটা প্রেক্ষাগৃহ উদ্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে দেশক বিভাজন কৰিব বিচৰা আৰু শান্তি–শৃংখলা বিঘ্ণিত কৰিব বিচৰা লোকসকলে এন এছ জিক ভয় কৰা উচিত৷ ‘আমি সমগ্র বিশ্বত শান্তি বিচাৰোঁ৷ আমাৰ দহ হাজাৰ বছৰীয়া ইতিহাসত ভাৰতে কেতিয়াও কাকো আক্রমণ কৰা নাই৷ আমি আমাৰ শান্তি বিঘ্ণিত হ’বলৈও নিদিওঁ৷ আমাৰ সেনাবাহিনীৰ প্রাণ লোৱাসকলকো আমি শুদাই নেৰোঁ৷ যিসকল লোকে দেশক বিভাজিত কৰিব বিচাৰে আৰু শান্তি–শৃংখলা বিঘ্ণিত কৰিব বিচাৰে, তেওঁলোকে এন এছ জিক লৈ শংকিত হোৱা উচিত৷’ –অমিত শ্বাহে এইদৰে কয়৷ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰা হৈছে বুলিও কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে উল্লেখ কৰে ৷

You might also like