নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রৰ পৰৱর্তী পদক্ষেপ ৰহিংগ্যাক বিতাড়ন

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্রীয় পর্যায়ত ৰূপায়ণ হ’ব লগা নাগৰিকপঞ্জীৰ বিৰুদ্ধে দেশজুৰি প্রতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে কেন্দ্রীয় ৰাজ্যমন্ত্রী প্রধানমন্ত্রী কার্যালয় মন্ত্রী ড০ জিতেন্দ্র সিঙে মন্তব্য কৰিছে যে কেন্দ্রীয় চৰকাৰৰ পৰৱর্তী পদক্ষেপ হ’ল দেশৰ পৰা ৰহিংগ্যাক বিতাড়ন কৰা৷

‘নাগৰিকত্ব সংশোধনী আইন জম্মু–কাশ্মীৰকে ধৰি সমগ্র দেশতে বলৱৎ কৰা হ’ব৷ ইয়াৰ পৰৱর্তী পদক্ষেপ হ’ব ৰহিংগ্যা বিতাড়ন৷ তেওঁলোক দেশৰ পৰা যাবই লাগিব৷ ইয়াৰ বাবে প্রস্তুতি ইতিমধ্যে আৰম্ভ কৰা হৈছে৷’ জম্মুত এক অনুষ্ঠানত অংশ লৈ দিয়া ভাষণ প্রসংগত কেন্দ্রীয় ৰাজ্যমন্ত্রীজনে এইদৰে কয়৷ কেন্দ্রীয় গৃহ বিভাগে দাবী কৰিছে যে ভাৰতত প্রায় ১৪ হাজাৰ ৰহিংগ্যা ইউএনএইচচিআৰৰ পঞ্জীয়নভুক্ত হৈ আছে৷

আনহাতে, প্রায় ৪০ হাজাৰ ৰহিংগ্যা অবৈধভাৱে ভাৰতত বাস কৰি আছে৷ বছৰৰ আৰম্ভণিতে গৃহ মন্ত্রালয়ে ৰাজ্যসভাত দাখিল কৰা তথ্য মতে ২০১৭ চনৰ পৰা ৰহিংগ্যাসহ ২২জন ম্যানমাৰৰ নাগৰিকক বিতাড়ন কৰিছিল৷

You might also like