নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাৰ গাভিনী হাতী হত্যাত জড়িত এজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ জুনঃ কেৰালাৰ পালাক্কড় জিলাত ফলত ফটকা ভৰাই নিষ্ঠুৰভাৱে গাভিনী হাতী হত্যা কৰাৰ অভিযোগত শুকুৰবাৰে এজনক গ্রেপ্তাৰ কৰিছে৷ ৰাজ্যখনৰ বনমন্ত্রী কে ৰাজুৱে প্রকাশ কৰা মতে, দেশব্যাপী তীব্র আলোড়ন সৃষ্টি কৰা গাভিনী হাতী হত্যাৰ অভিযোগত এজনক গ্রেপ্তাৰ কৰা হৈছে৷ এই নিষ্ঠুৰ হত্যাত জড়িত অনেকজন লোক আছে৷ এইসকলক পর্যায়ক্রমে অনুসন্ধান কৰি গ্রেপ্তাৰ কৰা হ’ব৷

উল্লেখ্য যে এসপ্তাহ পূর্বে চাইলেণ্ট ভেলী বনাঞ্চলত ১৫ বছৰীয়া গাভিনী হাতী এজনীক আনাৰসৰ লগত শক্তিশালী ফটকা সেৱন কৰাই একাংশ লোকে শোকাৱহ মৃত্যুৰ দিশে ঠেলি দিছিল৷ আনাৰসটো খোৱাৰ পাছত দুঃসহ–যন্ত্রণাত ভেলিয়াৰ নদীত নামি জীৱন ৰক্ষা কৰিবলৈ চেষ্টা চলাইছিল যদিও পাছলৈ মৃত্যু ঘটে৷ ছ’চিয়েল মিডিয়াত এই ঘটনাটি ব্যাপক চর্চাৰ লগতে ৰাজ্যখনত ৰাজনীতি উত্তপ্ত হৈ পৰে৷ ইয়াৰ পৰিপ্রেক্ষিততে মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে হাতী হত্যাত জড়িতক শীঘ্রে গ্রেপ্তাৰ কৰিবলৈ নির্দেশ দিয়ে৷ ইয়াৰ পাছতেই বন বিভাগে সক্রিয়তাৰে অনুসন্ধান চলাই এজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

You might also like