নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালা আৰক্ষীৰ হাত ধোৱা নৃত্যৰ ভিডিঅ’ ভাইৰেল; চাওক ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ জনসাধাৰণক ঘনাই হাত ধোৱাৰ পৰামর্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ এই উপদেশ জনসাধাৰণৰ বাবে গ্রহণযোগ্য কৰি তোলাৰ বাবে কেৰালা আৰক্ষীয়ে গ্রহণ কৰা এক ব্যৱস্থা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

ষ্টেট পুলিচ মিডিয়া চেণ্টাৰ, কেৰালা নামৰ এটা ফেচবুক পেজত মঙলবাৰে শ্বেয়াৰ কৰা হয় সেই বিশেষ ভিডিঅ’টো৷ ভিডিঅ’টোত নাচি থকা দেখা যায় ছয়জনকৈ আৰক্ষীক৷ ‘আয়াপ্পানাম কোলিয়াম’ নামৰ মালয়ালম চিনেমাৰ এটা জনপ্রিয় গীতত ‘কথাকলি’ৰ সুৰত নৃত্য কৰিছিল আৰক্ষীকেইজনে৷ এই গানটোৰ জৰিয়তেই হাত ধোৱাৰ বার্তা দিছিল আৰক্ষীকেইজনে৷ ক’ৰোনা ভাইৰাছৰ পৰা বাচি থাকিবলৈ কেনেকৈ হাত ধুব লাগে, তাৰ সচেতনতামূলক এই গীতটোক লৈ এতিয়া কেৰালা আৰক্ষীৰ প্রশংসাত পঞ্চমুখ হৈছে জনসাধাৰণ৷

പരിഭ്രാന്തിയല്ല; ജാഗ്രതയാണ് ആവശ്യം

പ്രവർത്തിക്കാം നമുക്കൊരുമിച്ച്പരിഭ്രാന്തിയല്ല; ജാഗ്രതയാണ് ആവശ്യംകേരളാപോലീസ് ഒപ്പമുണ്ട്An awareness video made by Kerala Police, India, on safe methods for hand washing as prescribed by WHO in the wake of COVID – 19 Spread#WORLDHEALTHORGANIZATION #IMA #WHO #COVID19 #CORONA #POLICE #UNICEF #BREAKTHECHAIN #SafeHandsChallenge #MoHFW#KeralaPolice #StatePoliceMediaCentreKerala #KeralaGovernment

Posted by State Police Media Centre Kerala on Tuesday, March 17, 2020

You might also like