নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী: মধ্যপ্রদেশৰ ইন্দোৰত প্রবাসী ভাৰতীয় দিৱসৰ সপ্তদশ সংস্কৰণৰ সমাৱর্তন আজি মুকলি কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ সমাৱর্তন মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰত কেৱল জ্ঞানৰ কেন্দ্র হ’বলৈ আগবাঢ়ি থকা নাই, ই দক্ষতাৰ ৰাজধানীও হ’ব৷ আজি ভাৰতক বিশ্বই আশা আৰু উদ্বিগ্ণতাৰেই নহয়, ভাৰতৰ কণ্ঠক গুৰুত্ব প্রদান কৰিবলৈ বাধ্য হৈছে৷ ভাৰতে চলিত বর্ষত জি–২০ সন্মিলন আয়োজন কৰিছে৷ জি–২০ কূটনৈতিক কার্যসূচীয়েই নহয়, জনতাৰ অংশগ্রহণৰ কার্যসূচীত পৰিণত কৰিব বুলিও কয় প্রধানমন্ত্রীয়ে৷