নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচণ্ড শীত–ঘন কুঁৱলীত স্তব্ধ ৰাজধানী দিল্লী

নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী: প্রচণ্ড শীত প্রবাহ আৰু ঘন কুঁৱলীত স্তব্ধ হৈ পৰিছে দেশৰ ৰাজধানী দিল্লীৰ জনজীৱন৷ ৰাষ্ট্রীয় ৰাজধানীৰ সংলগ্ণ ৰাজ্যসমূহৰ লগতে সমগ্র উত্তৰ ভাৰতৰ ৰাজ্যত এতিয়া প্রচণ্ড শীতে স্বাভাৱিক জীৱন যাত্রা ব্যাহত কৰি ৰাখিছে৷ ঘন কুঁৱলীৰ পৰিপ্রেক্ষিতত দৃশ্যমান পর্যায় শূন্য মিটাৰতকৈ নিম্নগামী হৈ পৰাত ৰাজধানী দিল্লীৰ শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে৷ উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত ৰে’ল চলাচলত ব্যাঘাত জন্মিছে৷ উত্তৰ সীমান্ত ৰে’লৱেই প্রকাশ কৰা মতে ২৬০তকৈ অধিক ৰে’লৰ চলাচল দেওবাৰে বাতিল কৰাৰ লগতে সোমবাৰেও ২০০তকৈ অধিক ৰে’লৰ চলাচল বাতিল কৰা হৈছে৷ তিনি শতাধিক ৰে’লৰ সময় চলাচলত বিলম্ব হোৱাৰ লগতে ৫০ ৰে’লৰ ৰে’লপথ সলনি কৰা হৈছে৷ ইপিনে, দেশৰ ৰাজধানী দিল্লীত ঘন কুঁৱলীৰ বাবে শতাধিক দেশীয় বিমানৰ উৰণ বিলম্ব হোৱাত যাত্রী হাহাকাৰৰ সন্মুখীন হৈছে৷ পঞ্জাব, ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্রদেশ, দিল্লী আদি ৰাজ্যত শীতৰ প্রকোপে জনজীৱন ব্যাহত কৰিছে৷ ইপিনে, কানপুৰত প্রচণ্ড শীতত এসপ্তাহতে হার্ট এটেকত ৯৮জন লোকৰ প্রাণহানি হৈছে৷ ইয়াৰে ভিতৰত ৪৪ লোকৰ হাস্পতালত মৃত্যু ঘটিছে আৰু ৫৪জনৰ হাস্পতাল আহি নৌপাওঁতেই মৃত্যু ঘটিছে৷

You might also like