কোচিত ওপঙিব দেশৰ প্রথম ‘ৱাটাৰ মেট্রো’
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: দেশৰ জল পৰিবহণত নতুন সংযোজন ঘটিব কেৰালাত৷ দক্ষিণ ৰাজ্যখনৰ কোচিৰ বাসিন্দাসকলৰ বাবে সুখবৰ৷ কেৰালাৰ এই চহৰখনৰ আশে–পাশে থকা বহু দ্বীপত যাতায়াতৰ বাবে এতিয়াৰে পৰা বাসিন্দাসকলৰ ঘৰৰ কাষতে হাজিৰ ‘কোচি ৱাটাৰ মেট্রো’৷ আগন্তুক ২৫ এপ্রিল অর্থাৎ মঙলবাৰে এই নতুন পৰিবহণ ব্যৱস্থাৰ সূচনা কর্মসূচী আছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ দেশত এই প্রথম জলপথত মেট্রো চলাচলৰ ব্যৱস্থা কৰিব চৰকাৰে৷ কোচি ৱাটাৰ মেট্রো লিমিটেড (কেডব্লিউএমএল) আৰু কোচি মেট্রো ৰে’ল লিমিটেড (কেএমআৰএল)ৰ তৰফৰ পৰা বিষয়াসকলে এই কথা সদৰী কৰিছে৷ কোচিৰ দৰে সৰু চহৰ এখনৰ বাসিন্দাসকলৰ লগতে পর্যটকসকলৰ বাবে নতুন আকর্ষণ হৈ পৰিব এই পৰিবহণ ব্যৱস্থা৷ উল্লেখ্য যে কাইলৈৰ পৰা দুদিন দেশজুৰি পাঁচ হাজাৰ কিলোমিটাৰ ভ্রমণ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ৩৬ ঘণ্টাৰ এই ভ্রমণসূচীত কোচিসহ সাতখন চহৰলৈ যাব প্রধানমন্ত্রীগৰাকী৷ সেই সময়ত প্রধানমন্ত্রী গৰাকীয়ে ৱাটাৰ মেট্রো বা জলমেট্রোৰ আনুষ্ঠানিক উদ্বোধন কৰিব বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷ এই মেট্রোৰ জৰিয়তে কেৰালাৰ পর্যটন শিল্প লাভৱান হ’ব বুলি দাবী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে৷ মুখ্যমন্ত্রীগৰাকীয়ে কৈছে যে পৰিবহণৰ লগতে পর্যটনত জোৱাৰ আনিব ৱাটাৰ মেট্রো সেৱাই৷ কেৰালা চৰকাৰৰ এগৰাকী শীর্ষ বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি বন্দৰ চহৰ কোচিৰ আশে–পাশে অন্ততঃ ১০টা দ্বীপৰ সৈতে ৱাটাৰ মেট্রোৰ জৰিয়তে যাতায়াত চলাব পৰা যাব৷