নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিন ৰাৱটৰ পিছত কোন হ’ব ভাৰতীয় সেনাৰ নতুন মুৰব্বী ?

ভাৰতীয় সেনাৰ মুৰব্বী

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ লেফ্টেনেণ্ট জেনেৰেল মনোজ মুকুন্দ নৰৱানে হ’ব দেশৰ পৰৱৰ্তী ভাৰতীয় সেনাৰ মুৰব্বী। চলিত বৰ্ষৰ ৩১ ডিচেম্বৰ তাৰিখে ভাৰতীয় সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটৰ কাৰ্যকাল অন্ত পৰিব আৰু তাৰ পাছতেই নতুন সেনা প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰিব মনোজ কুমাৰ নৰৱানেই। ছেপ্টেম্বৰ মাহত লেফ্টেনেণ্ট জেনেৰেল মুকুন্দ নৰৱানেই ভাৰতীয় সেনাৰ উপ-প্ৰমুখৰ দায়িত্ব গ্ৰহণ কৰিছিল।

উল্লেখ্য যে লেফ্টেনেণ্ট জেনেৰেল মনোজ মুকুন্দ নৰৱানে ভাৰতীয় সেনাৰ ২৮ সংখ্যক মুৰব্বী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিব ।

ইপিনে তেওঁ যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিব তেতিয়াই দেশৰ তিনিও সামৰিক বাহিনীৰ মুৰব্বীসকল একেটা অৰ্থাৎ এনডিএৰ ৫৬ সংখ্যক বেট্ছৰ হ’ব । ইয়াৰ পূৰ্বে একেটা বেট্ছৰে আছিল বায়ুসেনাৰ চিফ আৰ কে এছ ভাদৰিয়া আৰু নৌসেনাৰ চিফ এডমিৰেল কৰমবীৰ সিং ।

You might also like