নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইনত থকা যুৱকৰ উলংগ হৈ দৌৰ, কামুৰি মাৰিলে মহিলাক 

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ তামিলনাডুৰ এগৰাকী মহিলাক হত্যাৰ অভিযোগ উঠিছে শ্ৰীলংকাৰ পৰা উভতি অহা কোৱাৰেণ্টাইনত থকা ৩৫ বছৰীয়া এজন যুৱকৰ বিৰুদ্ধে । আৰক্ষীৰ ভাষ্য অনুসৰি, শুকুৰবাৰে যুৱকজনে ঘৰৰ পৰা উলংগ হৈ বাহিৰলৈ দৌৰ মাৰে আৰু পথত আশী বছৰ বয়সৰ  এগৰাকী বৃদ্ধাৰ ডিঙিত কামুৰি দিয়ে ।

আহত মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰা হৈছিল যদি স্বাস্থ্যৰ অৱনতি ঘটি দেওবাৰে মৃত্যুক সাৱটি লয় ।  অভিযুক্ত যুৱকজনৰ মানসিক অসুস্থতাৰ কথাও পোহৰলৈ আহিছে । ২০১০ চনত যুৱকজনক চিকিৎসাৰ বাবে মাদুৰাইলৈ পঠোৱা হৈছিল । শুকুৰবাৰে যুৱকজনে কোৱাৰেণ্টাইনত থকাৰ সময়তে ঘৰৰ পৰা উলংগ হৈ বাহিৰলৈ দৌৰ মাৰে । কাষৰে এগৰাকী বৃদ্ধা ঘৰৰ বাহিৰত বহি থকাৰ সময়তে যুৱকজনে ডিঙিত কামুৰি আঘাত কৰে বুলি জানিবলৈ দিয়ে এজন আৰক্ষীয়ে ।

You might also like