কয়লা কেলেংকাৰি গোচৰ: পশ্চিমবংগৰ আইনমন্ত্রী মলয় ঘটকৰ আছানছল বাসভৱনকে ধৰি কলকাতাৰ ৫ স্থানত চি বি আইৰ তালাচী
নিয়মীয়াবাৰ্তা, ৮ ছেপ্টেম্বৰ: পশ্চিমবংগত শিক্ষক নিযুক্তি আৰু গৰুৰ চোৰাং বেহাৰ কেলেংকাৰিক লৈ চি বি আয়ে অভিযান চলাই কেইবাগৰাকীও ৰাজনীতিকক গ্রেপ্তাৰ কৰাৰ পিছত এইবাৰ কয়লা কেলেংকাৰিৰ গোচৰত কলকাতাত তালাচী চলাইছে কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে৷ পশ্চিমবংগৰ আইনমন্ত্রী মলয় ঘটকৰ আছানছল্ত্রস্থিত বাসভৱনসহ ৬ স্থানত চিবিআইৰ দলে আজি পুৱাৰে পৰা তালাচী অভিযান চলাই আছে৷ আছানছলৰ উপৰি কলকাতাৰ আন পাঁচটা স্থানত কয়লা কেলেংকাৰি গোচৰত চি বি আয়ে তালাচী অব্যাহত ৰাখিছে৷
২০১২ চনৰ ২০ ছেপ্টেম্বৰত চি বি আয়ে দুর্নীতি প্রতিৰোধ আইন ১৯৮৮ৰ ধাৰা ১২০ (খ), ভাৰতীয় দণ্ডবিধি ১৩ (২), ১৩ (১) (ঘ)ৰ অধীনত কয়লা কেলেংকাৰি গোচৰ ৰুজু কৰাৰ পিছত চিবিআয়ে গ্রেচ ইণ্ডাষ্ট্রীজ লিমিটেড আৰু মুকেশ গুপ্তাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে৷ ২০১৫ চনৰ ১০ আগষ্টত আদালতে উল্লেখিত গোচৰকেইটা অপৰাধযোগ্য বুলি মানি চি বি আইক তদন্ত চলাবলৈ নির্দেশ দিয়ে৷ সেই সময়তে চি বি আয়ে অভিযুক্তলৈ চমন জাৰি কৰে৷ আদালতে শুনানিৰ সময়ত মুঠ ৩৪ সাক্ষীৰ স্বীকাৰোক্তি গ্রহণ কৰে৷ এই কেলেংকাৰি গোচৰত চি বি আয়ে আইনমন্ত্রী মলয় ঘটক জড়িত থকাৰ সাক্ষ্য লাভ কৰাৰ পিছত মন্ত্রীগৰাকীৰ বিৰুদ্ধে আজি অভিযান চলাইছে৷ সম্প্রতি আইনমন্ত্রীৰ লগতে আন পাঁচটা স্থানত চি বি আইৰ পৃথক পৃথক দলে তালাচী চলাই আছে৷
উল্লেখ্য যে কেন্দ্রীয় কয়লা মন্ত্রালয়ক প্রৱঞ্চনাৰে বে–আইনীভাৱে গ্রেচ ইণ্ডাষ্ট্রীজ লিমিটেড আৰু মুকেশ গুপ্তাই ২০০৫ চনৰ পৰা ২০১১ চনৰ ভিতৰত কয়লাৰ আবণ্টন লৈছিল৷ এই কয়লাৰ আবণ্টনৰ বৈধতা সন্দর্ভত প্রশ্ন উত্থাপন হোৱাৰ পিছতেই চি বি আয়ে গোচৰ ৰুজু কৰে৷ ২০১৪ চনৰ ২৫ আগষ্টত উচ্চতম ন্যায়ালয়ে উক্ত কয়লা আবণ্টন বাতিল কৰে৷ সম্প্রতি এই কয়লা কেলেংকাৰিত কেইবাশ কোটি টকা লুণ্ঠনক লৈ চি বি আয়ে তদন্ত চলাই থাকি আজি কলকাতাৰ ছয় স্থানত তথ্যৰ সন্ধানত তালাচী চলাইছে৷