নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপাল ক্রিকেট দলৰ অধিনায়ক লামিচানেৰ বিৰুদ্ধেধর্ষণৰ অভিযোগ

নিয়মীয়াবাৰ্তা, ৮ ছেপ্টেম্বৰ: নেপালৰ জাতীয় ক্রিকেট দলটোৰ অধিনায়ক সন্দীপ লামিচানেৰ বিৰুদ্ধে এগৰাকী কিশোৰীক ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ভাৰততো জনপ্রিয় লামিচানে৷ ইতিমধ্যে নেপাল দলটোৰ অধিনায়কগৰাকীয়ে ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ফ্রেনছাইজী দিল্লী কেপিটেলছৰ হৈ খেলিছে৷ লামিচানেৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ পোৱাৰ লগে লগে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নেপাল আৰক্ষীয়ে৷ সংবাদ প্রতিষ্ঠানে সদৰী কৰা মতে, ১৭ বছৰীয়া এগৰাকী কিশোৰীক ধর্ষণৰ অভিযোগ উঠিছে লামিচানেৰ বিৰুদ্ধে৷ ঘটনাটো কাঠমাণ্ডুৰ এটা অঞ্চলত সংঘটিত হৈছে৷ কিশোৰীগৰাকীৰ পিতৃ–মাতৃয়ে বুধবাৰে লামিচানেৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে৷

ইফালে, ঘটনাটো সন্দর্ভত সন্দীপ লামিচানেই কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷ ২০১৬ চনত নেপালৰ ১৯ বছৰ অনূর্ধ্ব দলটোৰ অধিনায়কৰ দায়িত্ব লাভ কৰা লামিচানেই ২০১৮ চনত জাতীয় দলটোৰ হৈ খেলাৰ সুযোগ লাভ কৰিছিল৷ উক্ত বছৰতে লামিচানেই দিল্লী কেপিটেলছৰ হৈ খেলি আই পি এলত অভিষেক ঘটাইছিল৷ মন কৰিবলগীয়া যে লামিচানে হ’ল আই পি এল খেলা নেপালৰ একমাত্র ক্রিকেটাৰ৷ ২০২১ চনত নেপালৰ জাতীয় দলটোৰ অধিনায়ক জ্ঞানেন্দ্র মল্লক অনুশাসন ভংগ কৰাৰ অপৰাধত আঁতৰায় আৰু তেওঁৰ স্থানত লামিচানেক দলটোৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়ে নেপাল ক্রিকেট ব’র্ডে৷ ২২ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে এতিয়ালৈকে খেলা ১৩৬খন বিভিন্ন টি–২০ মেচত ১৯৩টা উইকেট দখল কৰিছে৷

You might also like