নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোণাই প্ৰাণ কাঢ়িব দুই লাখ আমেৰিকানৰ

ক'ৰোণা ভাইৰাছে আমেৰিকাত সৃষ্টি কৰিব পাৰে বিভীষিকা

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ ক’ৰোণা ভাইৰাছে আমেৰিকাত সৃষ্টি কৰিব পাৰে বিভীষিকা। এতিয়ালৈকে দেশখনত মাৰাত্মক এই ভাইৰাছবিধৰ দ্বাৰা সংক্ৰমিত হৈছে ১,৪২,০০০ লোক। ইফালে ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই ২,০০০ অতিক্ৰম কৰিলে। লক্ষণীয়ভাৱে এই মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এতিয়াও ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে। হোৱাইট হাউছ প্ৰশাসন ক’ৰোণাক লৈ এতিয়াও সম্পূৰ্ণ সজাগ হোৱা নাই বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে বিশেষজ্ঞ চিকিৎসক এণ্টনী ফাউচিয়ে এক সাক্ষাৎকাৰত উল্লেখ কৰিছে যে ক’ৰোণা মহামাৰীত আমেৰিকাত একৰ পৰা দুই লাখ পৰ্যন্ত লোকৰ মৃত্যু হ’ব বুলি পাৰে। সংবাদ সংস্থা চিএনএনৰ সৈতে হোৱা সাক্ষাৎকাৰত নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জী এণ্ড ইনফেকছাছ ডিজিজৰ সঞ্চালক ফাউচিয়ে এই আশংকা প্ৰকাশ কৰাৰ লগে লগে দেশখনৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা চলিছে বিশেষজ্ঞ চিকিৎসকগৰাকীৰ মতে বৰ্তমান যি হাৰত ক’ৰোণাত আমেৰিকান লোকসকল আক্ৰান্ত হৈছে সেয়া অব্যাহত থাকিলে আগন্তুক এমাহৰ ভিতৰত কেইবা নিযুতো লোক এই ভাইৰাছবিধৰ দ্বাৰা সংক্ৰমিত হ’ব। উল্লেখনীয় যে নিউয়ৰ্ক, নিউ অলিৰ্নছ আদি চহৰ ইতিমধ্যে ক’ৰোণা ভাইৰাছৰ সংক্ৰমণৰ অভিকেন্দ্ৰ হৈ পৰিছে।

You might also like