ক’ৰোণা ভাইৰাছঃ সন্ধানহীন ভাৰতলৈ অহা ১৩০০ ইটালিয়ান পৰ্যটক
দেশত ক'ৰোণাত আক্ৰান্তৰ সংখ্যা ৩৪লৈ বৃদ্ধিঃ উদ্বিগ্ন স্বাস্থ্য বিভাগ
নিয়মীয়া বাৰ্তা, ৮মার্চঃ ঘাতক ক’ৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৪জনলৈ বৃদ্ধি পালে। জম্মুত প্ৰথমটো ক’ৰোণা ভাইৰাছত আক্ৰান্ত লোক চিনাক্ত হোৱাৰ লগতে লাডাখৰ দুজন আৰু তামিলনাডুৰ এজন লোক চিনাক্ত হৈছে দেশজুৰি ক’ৰোণা ভাইৰাছে ত্ৰাস সৃষ্টি কৰি থকাৰ সময়তে ইটালীৰ পৰা অহা ১,৩০০ পৰ্যটকৰ স্থিতিক লৈ উদ্বিগ্ন চৰকাৰে ভ্ৰমণকাৰী কেইজন বৰ্তমান ক’ত আছে তাকে লৈ চলাথ অব্যাহত আছে ৷ ক’ভিড–১৯ৰ অন্যতম সংক্রমণৰ স্থান হিচাপে চিহ্ণিত ইটালীৰ পৰা অলপতে ১,৩০০তকৈও অধিক ভ্রমণকাৰী ভাৰতত প্রৱেশ কৰিছে৷ এই ভ্রমণকাৰীকেইজন বর্তমান ক’ত আছে, তেওঁলোকৰ স্বাস্থ্যৰ কি স্থিতি, সেই সন্দর্ভত তথ্য বিচাৰি কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহলৈ জাননী জাৰি কৰিছে৷ ইপিনে, ক’ৰোনা ভাইৰাছৰ সংহাৰী ৰূপ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দেশজুৰি ৩২টা লেবৰেটৰী কেন্দ্রীয় চৰকাৰে সক্রিয় কৰি তুলিছে৷ জম্মুত প্রথমটো ঘাতক ভাইৰাছত আক্রান্ত হোৱাটো নিশ্চিত হোৱাৰ পাছত অহা ৩১ মার্চলৈকে প্রাথমিক বিদ্যালয়সমূহ বন্ধ দিছে৷ উল্লেখ্য যে ইটালী ভ্রমণ কৰি অহা দুজন লোকক অমৃতসৰত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি প্রৰম্ভিক পৰীক্ষাত সন্দেহ প্রকাশ কৰিছে গুৰুনানক হাস্পতালৰ চিকিৎসক অধীক্ষকগৰাকীয়ে৷ দিল্লীৰ লেবৰেটৰীত উল্লিখিত ব্যক্তি দুজনৰ তেজৰ নমুনা পৰীক্ষা কৰাৰ পাছত পুনৰ সেই তেজৰ নমুনা পুনেৰ লেবৰেটৰীলৈ প্রেৰণ কৰা হৈছে৷ ইয়াতেই উল্লেখিত ব্যক্তি দুজন ক’ৰোনাত আক্রান্ত হোৱা–নোহোৱাটো নিশ্চিত হ’ব৷ চীনৰ য়ুহান প্রদেশত উদ্ভৱ ঘটি বিশ্বৰ ৯৪খনতকৈও অধিক দেশলৈ প্রসাৰিত হোৱা এই ঘাতক ক’ৰোনা ভাইৰাছক লৈ দেশসমূহে গ্রহণ কৰা পদক্ষেপক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেড্রছ এধানম গেব্রেয়েছাছে চলিত সপ্তাহত দেশসমূহৰ অধিকাংশতেই ভাইৰাছক লৈ ভাবুকিৰ পর্যায় আৰু ৰাজনৈতিক বক্তব্যক লৈ অসন্তুষ্টি ব্যক্ত কৰি ক’ৰোনা ভাইৰাছৰ সৈতে যুঁজ ড্রিল নহয় বুলি কয়৷ তদুপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধানগৰা কয়– এই সময়খিনি এৰি দিয়াৰ বাবে নহয়৷ এইখিনি সময় কোনো সকাহৰ নহয়৷ এই সময়ত ভাবুকিৰ পর্যায় আৰু ৰাজনৈতিক বক্তব্য বন্ধ কৰাৰ সময়৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছত ইতিমধ্যে মৃত্যুৰ সংখ্যা তিনি সহস্রাধিক হৈছে আৰু ৯৪খনতকৈ অধিক দেশত আক্রান্তৰ সংখ্যা লক্ষাধিক হৈছে৷ ঘাতক ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আছে যদিও এই ভাইৰাছত আক্রান্তৰ মৃত্যুৰ হাৰ ৩.৪ শতাংশহে বুলি প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ইপিনে দেশত ক’ৰোনা ভাইৰাছৰ পৰিস্থিতি সন্দর্ভত কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ মন্ত্রীকে দৰি সকলো শীর্ষ বিষয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মন্ত্রী৷