নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাঃ অসমৰ লোকক প্রৱেশত বাধা মেঘালয় আৰক্ষীৰ

নিয়মীয়া বার্তা, ১১ মেঃ মানকাচৰৰ মেঘালয় সীমান্তত যোৱা কেইবা দিন ধৰি দক্ষিণ–পশ্চিম গাৰোপাহাৰ জিলাৰ আৰক্ষীয়ে অসমৰ লোক, যান–বাহনৰ প্রৱেশত বাধা আৰোপ কৰি আহিছে৷ লক্ষণীয় যে দক্ষিণ শালমাৰা মানকাচৰ জিলাখনত কোনো পেট্ৰ’ল পাম্প নথকাৰ বাবে মানকাচৰৰ গাতেই লাগি থকা মেঘালয়ৰ পে’ট্ৰ’ল পাম্প দুটাৰ পৰাই মানকাচৰ অঞ্চলৰ কৃষক, বিভিন্ন যান–বাহন, জৰুৰীকালীন সেৱাৰ গাড়ী, মানকাচৰ অঞ্চলৰ সংবাদ কর্মীসকলৰ বাহনত ইন্ধন ভৰোৱা হয়৷ কিন্তু লকডাউনৰ গইনা মেঘালয় আৰক্ষীয়ে কোনো ব্যক্তিকে পেট্ৰ’ল পাম্পত সোমাবলৈ দিয়া নাই৷ আনহাতে মেঘালয়ৰ পৰা দক্ষিণ শালমাৰা মানকাচৰ জিলাখনলৈ প্রেৰণ কৰা তামোল, আদা, তেঁতেলী আদিৰ গাড়ীসমূহৰ পৰাও হকে–বিহকে গুণ্ডকৰ সংগ্রহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

You might also like