নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ৰে’লৱেৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ এতিয়াৰে পৰা ৰে’ল যাত্ৰীসকলে নাপাব এই সমূহ সুবিধা

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি ভয়াৱহ ৰূপত সংক্ৰমণ ঘটিছে ক’ভিড-১৯ ৰ । বিশ্ব স্বাস্থ্য সংস্থাই মৃত্যুদূতৰূপী এই ভাইৰাছক মহামাৰী আখ্যা দিয়াৰ পাছত ইয়াৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সমগ্ৰ বিশ্বই প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

ইপিনে ভাৰতত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা ১০৭ জনলৈ বৃদ্ধি পাইছে । যাৰ বাবে ইয়াৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ পশ্চিম ৰে’লৱে যাত্ৰীসকলক নিজৰ প্ৰয়োজনীয় সামগ্ৰী লৈ ৰে’ল যাত্ৰা কৰিবলৈ আহ্বান জনাইছে । কাৰণ পশ্চিম ৰে’লৱে জনাইছে যে এতিয়াৰে পৰা তেওঁলোকে ৰে’ল যাত্ৰীসকলক বাতানুকুল দবাৰ বিপৰীতে নিদিয়ে পূৰ্বে দিয়া কম্বল আৰু কাপোৰ । এক টুইট যোগে তেওঁলোকে পৰৱৰ্তী সূচনা জাৰি নকৰা পৰ্যন্ত ক’ভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সুবিধাসমূহ দিয়াৰ পৰা আতৰি থাকিব ।

You might also like