নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ লকডাউনৰ মাজতে বিহাৰত অঘটন । ক’ৰোনাৰ সজাগতাৰ বাবে যোৱা আৰক্ষী-স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰে একাংশ অজ্ঞানী উন্মত্ত লোকে । যাৰ ফলত স্বাস্থ্যকৰ্মীৰ লগতে ৫ জনকৈ আৰক্ষী গুৰুতৰভাৱে আহত হয় ।
ঘটনা অনুসৰি আৰক্ষীয়ে বহু সময় ধৰি বিহাৰৰ চাম্পাৰন জিলাত ৰাইজে সামাজিক দূৰত্ব মানি নচনা আৰু লকডাউনৰ নীতি-নিৰ্দেশনা উলংঘন কৰাৰ বিষয়ে অভিযোগ লাভ কৰিছিল । যাৰ বাবে স্বাস্থ্যকৰ্মীক লগত লৈ এক সজাগতমূলক কাৰ্যসূচী ৰূপায়ন কৰিবলৈ চেষ্টা চলাইছিল । কিন্তু অজ্ঞানী লোকসকলে আৰক্ষীৰ এই কাৰ্যত বাধা সৃষ্টি কৰি তেওঁলোকক আক্ৰমণ কৰে ।
So, Block Development Officer (BDO) along with a medical team&Police went there to create awareness on #COVID19 among them. But they didn’t listen & became violent. We rescued everyone from there but a health official & 5 police personnel were injured: Police (15.4) #Bihar https://t.co/MjHRbXdER2
— ANI (@ANI) April 15, 2020