নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ বাবে যুঁজ দি আছে প্ৰতিজন স্বাস্থকৰ্মীয়ে , সেই সকল স্বাস্থ্যকৰ্মী সকলৰ প্ৰতি মানৱসমাজৰ ঋণ অপূৰণীয় । দুৰ্ভাগ্যবশতঃ যদি কোনো স্বাস্থ্যকৰ্মীৰ মৃত্যু হয় তেওঁলোকক দিয়া হ’ব শ্বহীদৰ মৰ্যদা । তেওঁৰ পৰিয়াললৈ আগবঢ়োৱা হ’ব ১ কোটি টকাৰ ক্ষতিপূৰণ । বুধবাৰে এই ঘোষণা কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।
বুধবাৰে এক সংবাদমেলত দিল্লীৰ মুখ্য়মন্ত্ৰীজনে কয় – এই মুহূৰ্তত প্ৰতিজন চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী একো একোজন সৈনিকৰ দৰে নামি পৰিছে যুদ্ধক্ষেত্ৰত । জীৱনক তুচ্ছ কৰিও দেশবাসীক ৰক্ষা কৰাৰ বাবে দায়িত্বত নিয়োজিত হৈ আছে তেওঁলোক । কেজৰিৱালে কয় যে , এজন সৈতে দেশৰ হৈ যুদ্ধক্ষেত্ৰত শ্বহীদ হ’লে দিল্লীৰ চৰকাৰে তেওঁলোকৰ পৰিয়াললৈ আগবঢ়াই ১ কোটি টকাৰ সাহাৰ্য । সেই অনুসৰিয়েই এজন স্বাস্থ্য়কৰ্মীয়ে ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে তেওঁৰ পৰিয়াললৈও আগবঢ়োৱা হ’ব শ্বহীদৰ মৰ্যদা ।
অৱশ্যে কেৱল চৰকাৰী হাস্পতালৰ স্বাস্থ্যকৰ্মীৰ বাবেই এই নিয়ম নহয় । চৰকাৰী আৰু বেচৰকাৰী সকলো হাস্পতালৰ স্বাস্থ্যকৰ্মীৰ বাবেই এই নিয়ম প্ৰযোজ্য হ’ব বুলিও জানিবলৈ দিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে, বিগত সপ্তাহত কেন্দ্ৰীয় চৰকাৰে ক’ৰোনা ভাইৰাছ মোকাবিলাৰ বাবে কৰ্মৰত হৈ থকা স্বাস্থ্যকৰ্মীসকলৰ বাবে ৫০ লাখ টকাৰ এক জীৱন বীমা ঘোষণা কৰিছিল ।