নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা । শুকুৰবাৰে পুৱা পৰ্যন্ত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৩,৪৩০ জনলৈ বৃদ্ধি পাইছে । ইয়াৰে বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ১,০৬৯ জন লোক আৰু প্ৰাণ হেৰুৱাইছে ৪৪৮ জন লোকে ।
আনহাতে মহাৰাষ্ট্ৰত সৰ্বাধিক ৩২০২ জন লোক আক্ৰান্ত হৈছে মাৰাত্মক ক’ৰোনাত । দিল্লীত ১৬৪০ জন আৰু তামিলনাডুত ১২৬৭ জন লোক আক্ৰান্ত হৈছে ।