নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ আতংকঃ ৩১ মার্চলৈকে বন্ধ ঘোষণা দিল্লীৰ স্কুল–কলেজ

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ক’ৰোনা ভাইৰাছক মহামাৰী ঘোষণা কৰি ৰাজ্যখনৰ স্কুল আৰু কলেজসমূহ অহা ৩১ মার্চলৈকে বন্ধ ঘোষণা কৰিছে ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি দিল্লীৰ মুখ্যমন্ত্রীজনে ৩১ মার্চলৈ দেশৰ ৰাজধানীৰ সকলো চিনেমাগৃহ বন্ধ কৰি দিছে ৷ উল্লেখ্য যে ক’ভিড–১৯ৰ আক্রমণত তথ্য মতে বিশ্বজুৰি ৪,২০০ লোকে প্রাণ হেৰুৱাইছে আৰু ১,১৭,৩৩০জন লোক আক্রান্ত হৈছে ৷

You might also like