নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা মহামাৰীৰ পৰা নিশ্চিতভাৱে উদ্ধাৰ হ’ব মানৱ জাতি

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ লকডাউনৰ সময়ত দেশবাসীক সহায়ৰ বাবে মন্ত্ৰালয়সমূহে গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ক’ভিভ-১৯ ৰ বিৰুদ্ধে যুঁজত মন্ত্ৰালয়ৰ বিভিন্ন পদক্ষেপক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ক’ৰোনা ভাইৰাছ মহামাৰীৰ পৰা নিশ্চিতভাৱে উদ্ধাৰ পাব মানৱ জাতি । ছুইজাৰলেণ্ডৰ প্ৰখ্যাত মেট্টাৰহৰ্ন পৰ্বতমালাত ভাৰতীয় ত্ৰিৰংগাৰ প্ৰতিচ্ছবিৰে দেশখনৰ প্ৰশাসনে ভাৰতৰ ক’ভিড-১৯ ৰ যুঁজৰ সময়ত দেশবাসীক সহমৰ্মিতা প্ৰকাশ কৰা আলোকচিত্ৰক প্ৰধানমন্ত্ৰী মোদীয়ে ৰি-টুইট কৰি কয় যে বিশ্ববাসীয়ে একত্ৰিত হৈ ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজি আছে । এই মহামাৰীৰ পৰা নিশ্চিতভাৱে উদ্ধাৰ পাব মানৱ জাতি ৷

উল্লেখ্য যে ছুইজাৰলেণ্ডৰ মেট্টাৰহর্ন পর্বতত এহাজাৰতকৈও অধিক মিটাৰৰ ত্রিৰংগ পতাকা অংকিত কৰি ভাৰতবাসীক অতি সহমর্মিতা প্রকাশ কৰিছিল দেশখনৰ পর্যটন বিভাগে ৷ প্রধানমন্ত্রী মোদীয়ে এই আলোকচিত্রক ৰি–টুইট কৰি জাৰমেত পর্যটনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মহামাৰীৰ বিৰুদ্ধে বিশ্ববাসীয়ে একত্রিত হৈ যুঁজি থকা বুলি মন্তব্য কৰে৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়ে বিভিন্ন মন্ত্রালয় আৰু কেবিনেট মন্ত্রীয়ে লকডাউনৰ সময়ত জনতাক সহায় কৰা টুইটসমূহকো ৰি–টুইট কৰি ধন্যবাদ জ্ঞাপন কৰে৷ ৰে’লমন্ত্রী পীয়ূষ গোৱেলৰ টুইটক প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতীয় ৰে’লৱেৰ টীমক লৈ তেওঁ গৌৰৱান্বিত৷ জটিল সন্ধিক্ষণত টীমটোৱে দেশৰ নাগৰিকক সহায় কৰি আছে ৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে অসামৰিক পৰিবহণ মন্ত্রী, পেট্র’লিয়াম মন্ত্রী আদিৰো টুইটক প্রশংসা কৰে ৷

You might also like