নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্তন কৰা হ’ল শচীন তেণ্ডুলকাৰৰ এক্স(X) কেটেগৰিৰ সুৰক্ষা ব্যৱস্থা

নিউজ ডেস্ক, ২৫ ডিচেম্বৰঃ বুধবাৰে কৰ্তন কৰা হ’ল প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ X কেটেগৰিৰ সুৰক্ষা ব্যৱস্থা । ইয়াৰ বিপৰীতে উদ্ধৱ ঠাকৰেক Y কেটেগৰি সুৰক্ষা ব্যৱস্থাৰ পৰা উন্নীত কৰি Z কেটেগৰিৰ সুৰক্ষা ব্যৱস্থা প্ৰদান কৰা হৈছে ।

মুম্বাই আৰক্ষীৰ জনোৱা মতে, এজন প্রাক্তন সংসদ হিচাপে টেন্ডুলকাৰক সুৰক্ষা কর্মীৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰা হ’ব ।

উল্লেখ্য যে এক্স কেটেগৰি সুৰক্ষা ব্যৱস্থাত, ব্যক্তিজনক দুজন সুৰক্ষা কর্মীৰ দ্বাৰা সুৰক্ষা দিয়া হয় । Y আৰু Z সুৰক্ষা ব্যৱস্থাত ব্যক্তিজনক ক্ৰমে ১১ আৰু ২২ জন ৰক্ষাকৰ্মীয়ে সুৰক্ষা প্ৰদান কৰে ।

ইয়াৰ কিছুদিন পূৰ্বে কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধী, পুত্ৰ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ পৰা এছ পি জি সুৰক্ষা ব্য়ৱস্থা প্ৰত্যাহাৰ কৰিছিল ।

You might also like