নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গগনযান অভিযানৰ পূর্বে মহাকাশলৈ মানৱ আকৃতিৰ ৰবট

ইছৰোৱে মুকলি কৰিলে ‘ব্যোমমিত্র’ৰ আলোকচিত্র

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ দেশৰ প্রথম মানৱ মহাকাশ অভিযান ‘গগনযান’ৰ প্রস্তুতিত ব্যস্ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) ৷ মহাকাশ খণ্ডত অতি কম ব্যয়েৰে মংগল অভিযান সফলতাৰে সম্পন্ন কৰি অভিলেখ গঢ়া ইছৰোৱে আন এক অভিলাষী অভিযানৰ প্রস্তুতি আৰম্ভ কৰিলে ৷ স্বাধীনতাৰ ৭৫সংখক বার্ষিকী উপলক্ষে দেশৰ প্রথম মানৱ মহাকাশ অভিযান গগনযান উৎক্ষেপণৰ লক্ষ্য লোৱা ইছৰোৱে বুধবাৰে ‘গগনযান’ অভিযানৰ অধীনত পৰীক্ষণমূলকভাৱে প্রথম মানৱবিহীন অভিযানত মহাকাশলৈ প্রেৰণৰ বাবে সাজু কৰি তুলিছে মানৱ আকৃতিৰ ৰবট ৷ মানৱৰ হুবহু আকৃতিৰ ৰবটটো হৈছে মহিলা ৷ মহিলা ৰবটটোৰ নাম ‘ব্যোমমিত্রা’৷ ইছৰোৱে বুধবাৰে এই মহিলা ৰবট ‘ব্যোমমিত্রা’ৰ আলোকচিত্র প্রকাশ কৰিছে ৷ ইছৰোৰ বিজ্ঞানী ছাম দয়ালে প্রকাশ কৰা মতে, ‘ব্যোমমিত্রা’ৰ জৰিয়তে ইছৰোৱে মহাকাশত মানৱৰ আচৰণৰ বিভিন্ন তথ্য লাভ কৰিব৷ পৰীক্ষণমূলকভাৱে ‘গগনযান’ৰ পূর্বে ‘ব্যোমমিত্রা’ক মহাকাশলৈ পঠিওৱা হ’ব ৷

বিগত বর্ষত চন্দ্রযান–২ অভিযানৰ বিক্রম লেণ্ডাৰ চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণৰ পূর্বে ইছৰোৰ সৈতে সম্পর্ক বিচ্ছিন্ন হৈ এক অভিলেখৰ পৰা ইছৰোক বঞ্চিত কৰিলেও মহাকাশ খণ্ডত অতুলনীয় অভিজ্ঞতা অর্জন কৰে বিজ্ঞানীসকলে ৷ এই অভিজ্ঞতাক সঠিক প্রয়োগেৰে ২০২২ চনত ইছৰোৱে প্রথম মানৱ মহাকাশ অভিযান আৰম্ভ কৰিব । কেন্দ্রীয় চৰকাৰে ‘গগনযান’ অভিযানৰ বাবে ইতিমধ্যে ১০ হাজাৰ কোটি টকা আবণ্টন দিছে৷ গুৰুত্বপূর্ণ যে মহিলা ৰবট ব্যোমমিত্রাৰ জৰিয়তে মহাকাশত মানৱৰ আচৰণৰ অভিজ্ঞতা ইছৰোৱে আহৰণ কৰিব যদিও ইতিমধ্যে ‘গগনযান’ অভিযানৰ বাবে চাৰি মহাকাশচাৰী নির্বাচিত কৰিছে ইছৰোৱে ৷ চাৰি মহাকাশচাৰীৰ পৰিচয় এতিয়াও আনুষ্ঠানিকভাৱে প্রচাৰ কৰা নাই ৷ চলিত জানুৱাৰী মাহতেই ৰাছিয়াত চাৰি মহাকাশচাৰীৰ প্রশিক্ষণ আৰম্ভ হ’ব ৷ ১১ মাহ ধৰি প্রশিক্ষণ লোৱাৰ পাছত সেই মহাকাশচাৰীকেইগৰা ভাৰততো বিভিন্ন প্রশিক্ষণ প্রদান কৰা হ’ব ৷ দেশৰ বহু প্রতীক্ষিত মানৱ মহাকাশ অভিযানৰ প্রস্তুতিৰ এক অংশ হিচাপে বুধবাৰে মানৱৰ হুবহু আকৃতিৰ ব্যোমমিত্রা মহিলা ৰবটৰ আনুষ্ঠানিকতা প্রকাশ কৰে ইছৰোৱে ৷

You might also like