নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী: গণৰাজ্য দিৱসৰ পূর্বে দিল্লীত কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা চলাইছে পাকিস্তানী সন্ত্রাসবাদী সংগঠন হৰকত–উল আনছাৰে৷ যোৱা সপ্তাহত নৌছাদ আলী আৰু জগজিৎ সিং ওৰফে জাগ্গাক দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছত এই তথ্য পোহৰলৈ আহিছে৷ দুয়োটা সন্ত্রাসবাদী হৰকত আনছাৰ আৰু হিজবুল মুজাহিদীনৰ সৈতে জড়িত হৈ আছে৷ উল্লেখনীয় যে নৌছাদ আৰু জাগ্গাই জেৰাত আৰক্ষীৰ আগত উল্লেখ কৰা অনুসৰি গণৰাজ্য দিৱসৰ সময়ত দিল্লীত কূটাঘাতৰ পৰিকল্পনা চলোৱা হৈছে৷