নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গতি সলনি কৰিব পাকিস্তানলৈ বোৱঁতী ৰৱিৰ

পুলৱামাত সন্ত্রাসবাদীৰ আক্রমণৰ পিছতে ইছলামাবাদ–নতুন দিল্লী মাজত তিক্ততা বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ পাকিস্তানলৈ বোৱঁতী জম্মু–কাশ্মীৰৰ ৰৱি আৰু উজহ নদীৰ পানী অন্য দিশে গতি কৰাব ভাৰতে ৷ ২০১৯ চনৰ ১৪ ফেব্রুৱাৰীত কাশ্মীৰৰ পুলৱামাত পাকিস্তানস্থিত সন্ত্রাসবাদীয়ে চি পি এফৰ ওপৰত আত্মঘাতী আক্রমণ কৰাৰ পিছতে দেশখনৰ সৈতে নতুন দিল্লীৰ সম্পর্ক অধিক তিক্ত হৈ উঠিছে৷ এনে পৰিপ্রেক্ষিততে জম্মু–কাশ্মীৰৰ পৰা পাকিস্তানলৈ বৈ থকা নদীসমূহৰ পানীৰ অংশ দেশখনক নিদিয়াৰ পৰিকল্পনা কৰিছে নতুন দিল্লীয়ে৷ অর্থাৎ কথুৱা জিলাৰ ৰৱিৰ লগতে উজহ নদীৰ পানী পাকিস্তানৰ সলনি অইন দিশলৈ গতি কৰাব ভাৰতে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে ইতিমধ্যে ভাৰত চৰকাৰে কাৰিকৰী প্রতিবেদন প্রস্তুত কৰি উলিয়াইছে আৰু বিভাগীয় কর্তৃপক্ষৰ অনুমতিৰ বাবে অপেক্ষা কৰি আছে৷ মন কৰিবলগীয়া যে বিগত বর্ষত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়ে উত্তৰাখণ্ডৰ নদীত তিনিটা বান্ধ নির্মাণ কৰি পাকিস্তানক পানী বন্ধ কৰাৰ পৰিকল্পনা যুগুত কৰি তাক কার্যকৰী কৰাৰ সিদ্ধান্ত লৈছিল৷ ১৯৬০ চনত স্বাক্ষৰিত হিন্দু জল চুক্তি অনুসৰি ভাৰতৰ হিন্দু নদীকে ধৰি বিভিন্ন নদীৰ পানী দুই দেশে ব্যৱহাৰ কৰিব পাৰিব৷ অর্থাৎ ৰৱি, বিজ, চুটলেছ নদীৰ পানী পাকিস্তানলৈ বৈ থকা কার্যক বন্ধ কৰিব নোৱাৰিব ভাৰতে৷ উল্লেখ্য যে ২০১৬ চনত পাকিস্তানী সন্ত্রাসবাদীৰ দ্বাৰা উৰিত ভয়াৱহ আক্রমণৰ পিছতে ভাৰত চৰকাৰে উল্লিখিত নদীকেইটাৰ শীঘ্রে জলপ্রকল্প নির্মাণৰ সিদ্ধান্ত পাকিস্তান লৈ বোৱঁতী নদীৰ পানী অন্য দিশে গতি কৰোৱাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু সেয়া এতিয়ালৈকে হৈ উঠা নাই৷ পুনৰ একেই পৰিকল্পনা কৰিলেও সেয়া কার্যকৰী হ’বনে, সেয়া লক্ষণীয় হ’ব ৷

You might also like