নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ উত্তৰ গোৱাত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা কৰি জিলা ন্যায়াধীশে ১৪৪ ধাৰা জাৰি কৰিছে । লগতে তাত জনসাধাৰণৰ আহ-যাহ কৰাতো নিষেধাজ্ঞা প্ৰদান কৰিছে । ইপিনে এগৰাকী আৰক্ষী বিষয়াই তেওঁলোকৰ হাতত এই সন্দৰ্ভত চোৰাংচোৱাৰ তথ্য আছে বুলি মন্তব্য কৰিছে ।
আনফালে গৃহ বিভাগৰ নিৰ্দেশ অনুসৰি জিলা ন্যায়াধীশে কৈছে যে ভাড়াতীয়াসকলক ঘৰ দিয়াৰ পূৰ্বে আৰু হোটেল, গেষ্ট হাউচসমূহত ৰূম প্ৰদান কৰাৰ পূৰ্বে ব্যক্তিজনৰ বিষয়ে সকলো নথি-পত্ৰৰ পৰীক্ষণ কৰি লোৱাটো জৰুৰী ।
আনফালে বিৰোধী দলসমূহে এই নিষেধাজ্ঞা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰে ‘কা’ বিৰোধী আন্দোলনসমূহক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে ।