নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট: মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেক চৰিওৱা উচিত বুলি মন্তব্য কৰি গ্রেপ্তাৰ হোৱা কেন্দ্রীয় মন্ত্রী নাৰায়ণ ৰাণেক কালি আঠ ঘণ্টা আৰক্ষীৰ হাজোতত থকাৰ পিছত জামিনত মুক্তি দিয়ে আদালতে৷
ইফালে, বোম্বাই উচ্চ ন্যায়ালয়ে ৰাণেক সকাহ দিছে৷ আগন্তুক ১৭ ছেপ্ঢেম্বৰলৈকে ৰাণেক গ্রেপ্তাৰ কৰিব নোৱাৰিব বুলি আজি স্পষ্ট কৰি দিছে ন্যায়ালয়ে৷ উল্লেখনীয় যে উদ্ধৱ থাকৰেৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ ৰাণেৰ বিৰুদ্ধে নাচিকত দাখিল হৈছে এজাহাৰ৷ এই গোচৰটোৰ পৰৱর্তী শুনানি ১৭ ছেপ্ঢেম্বৰত লোৱা হ’ব বুলি ন্যায়ালয়ে আজি স্পষ্ট কৰি দিছে৷
ন্যায়াধীশ এছ এছ সিন্ধে আৰু এন জে জামাদাৰৰ বিচাৰপীঠে ৰাণেৰ আবেদনৰ শুনানি গ্রহণ কৰে৷ উল্লেখনীয় যে নাচিকত ৰুজু হোৱা গোচৰ বিলুপ্তি কৰাৰ লগতে ভৱিষ্যতে একেটা বিষয়ক লৈ যাতে গোচৰ ৰুজু হ’ব নোৱাৰে, সেই সন্দর্ভত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাণেই আবেদন জনাইছিল ন্যায়ালয়ত৷