দেশ বিদেশৰাষ্ট্ৰীয় ঘূর্ণি বতাহ আমফানক লৈ পর্যালোচনা বৈঠক মোদীৰ By নিয়মীয়া বাৰ্তা On May 19, 2020 Share নিয়মীয়া বাৰ্তা, ১৯ মে’: বংগ উপসাগৰত সৃষ্ট ঘূর্ণি বতাহ আমফানে দেশৰ পূৱ সীমান্ত উপকূলত সংহাৰী ৰূপ ধাৰণ কৰিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সকিয়নী দিয়াৰ পাছতেই পশ্চিমবংগ আৰু উৰিষ্যাত প্রাক সাৱধানতা পদক্ষেপ গ্রহণ কৰা হৈছে৷ সোমবাৰে বিয়লি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পশ্চিমবংগ আৰু উৰিষ্যাত সম্ভাব্য ঘূর্ণি বতাহ আমফানৰ সংহাৰী ৰূপৰ সৈতে মোকামিলা কৰাৰ বাবে প্রস্তুতি চলোৱা গৃহমন্ত্রালয় আৰু এনডিএমএৰ সৈতে বৈঠকত মিলিত হয়৷ বৈঠকত গ্রহণ কৰা প্রস্তুতি সন্দর্ভত বিতং পর্যালোচনা কৰে প্রধানমন্ত্রী মোদীয়ে৷ কেন্দ্রীয় গৃহ মন্ত্রী অমৃত শ্বাহ, প্রধানমন্ত্রীৰ মুখ্য উপদেষ্টা পি কে সিনহা, কেন্দ্রীয় সচিব ৰাজীৱ গৌবাকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থকা পর্যালোচনা বৈঠকত প্রধানমন্ত্রী মোদীয়ে দুয়োখন ৰাজ্যত কি কি প্রস্তুতি লৈছে সেই সন্দর্ভত বুজ লয়৷ উল্লেখ্য যে বংগোপসাগৰৰ উত্তৰ–পূৱত সৃষ্ট ঘূর্ণি বতাহ আমফানে ভয়াৱহ ৰূপ লৈ পশ্চিমবংগৰ উপকূলীয় অঞ্চল অতিক্রম কৰি যাব৷ তেনেদৰে উৰিষ্যাতো ইয়াৰ প্রভাৱ পৰিব৷ বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা মতে ২০ মে’ত পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলৰ দীর্ঘা আৰু হাতীয়া দ্বীপৰ মাজত সংহাৰী ৰূপ ল’ব পাৰে৷ আনপিনে কাইলৈ এই ঘূর্ণি বতাহে পশ্চিমবংগৰ পূৱ মেদিনীপুৰ, দক্ষিণ আৰু উত্তৰ ২৪ পৰগনা, হাওৰা, হুগলী আৰু কলকাতা জিলাত প্রবল বৰষুণ দিব৷ এই পৰিস্থিতিৰ সৈতে মোকামিলা কৰাৰ বাবে অর্থাৎ ঘূর্ণি বতাহৰ প্রভাৱত ক্ষতিগ্রস্ত অঞ্চলত উদ্ধাৰ অভিযানৰ বাবে গৃহমন্ত্রালয় আৰু এন ডি আৰ এফৰ প্রস্তুতি সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে বুজ লৈ কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰক সকলো সহায় কৰাৰ প্রতিশ্রুতি দিয়াৰ লগতে প্রত্যেকৰে সুৰক্ষাৰ কাৰণে প্রার্থনা জনায়৷ লক্ষণীয় যে, এন ডি আৰ এফৰ সঞ্চালক প্রধানে প্রকাশ কৰা মতে, ইতিমধ্যে এন ডি আৰ এফৰ ২৫টা দল অঞ্চলত মোতায়ন কৰা হৈছে আৰু ১২টা সাজু কৰি ৰখা হৈছে৷ এনেদৰে আন ২৪টা দল বিভিন্ন প্রান্তত সাজু কৰি ৰখা হৈছে৷ Featured Share