ঘোঁৰাকো কোৱাৰেণ্টাইন কৰিলে প্রশাসনে
নিয়মীয়া বাৰ্তা, ২৮ মেঃ জম্মু–কাশ্মীৰত প্রথমবাৰলৈ এটা ঘোঁৰাক কোৱাৰেণ্টাইনত ৰখা হৈছে৷ ক’ভিড–১৯ ৰেড জ’নৰ মাজেৰে অহা বাবেই এই ঘোঁৰাটোক ৰেড জ’নত ৰখাৰ সিদ্ধান্ত লয় প্রশাসনে৷ জম্মু–কাশ্মীৰৰ ৰাজৌৰি জিলাত এই ঘোঁৰাটো ৰেড জ’নৰ পৰা ছপিয়ানৰ পৰা মোগল ৰোডৰ জৰিয়তে জম্মুলৈ আহিছিল৷ জম্মুলৈ অহাৰ সময়তে অন্য এক ৰেড জ’নৰ মাজেৰে আহিবলগীয়া হৈছিল ঘোঁৰাটো৷ মুঠ ১২৫ কিলোমিটাৰ পথ অহাৰ পাছত ঘোঁৰাটোক থানামান্দি অঞ্চলত কোৱাৰেণ্টাইন কৰা হৈছে৷ লক্ষণীয়ভাৱে পূর্বে ঘোঁৰাচালকক প্রশাসনে কোৱাৰেণ্টাইনত ৰখাৰ সিদ্ধান্ত লৈছিল যদিও পৰৱর্তী সময়ত ঘোঁৰাটোকো মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণৰ প্রতিৰোধী ব্যৱস্থাৰ প্রয়োজন বুলি চিন্তা কৰে৷ গতিকে বর্তমান জম্মুত কোৱাৰেণ্টাইনত স্বাস্থ্য বিভাগৰ নিৰীক্ষণত আছে ঘোঁৰাটো৷